বিজেপিৰ জালত আৱদ্ধ সকলো! বিৰোধিয়ে ভোট দিব শাসকীয় পক্ষক…

বিজেপিৰ জালত আৱদ্ধ সকলো! বিৰোধিয়ে ভোট দিব শাসকীয় পক্ষক…

দেশত ৰাষ্ট্ৰপতি নিৰ্বাচন সমাগত। এই নিৰ্বাচনৰ বাবে শাসকীয় পক্ষকে ধৰি বিৰোধী ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। কিন্তু এই সময়চোৱাত বিৰোধীৰ স্থিতি অতি দুৰ্বল। একাংশ বিৰোধী পক্ষৰ জনপ্ৰতিনিধি শাসকীয় পক্ষৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মক সমৰ্থন কৰা দেখা যায়।বৰ্তমান সময়ত দেশৰ ৰাজনীতিত বিৰোধীৰ স্থিতি নাই বুলিবই পাৰি। এই সন্দৰ্ভত বৰষা শৰ্মাৰ এক বিশেষ প্ৰতিবেদন…

ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতিয়ে ২৫ জুলাইত শপত গ্ৰহণ কৰিব। ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰৰ প্ৰধান, কিন্তু শাসনৰ প্ৰধান নহয়। তেওঁ জাতিক প্ৰতিনিধিত্ব কৰে,জাতিক শাসন নকৰে। ৰাষ্ট্ৰপতিৰ সকলো ক্ষমতা প্ৰধান মন্ত্ৰীৰ নেতৃত্বত গঠিত হোৱা মন্ত্ৰীসভাই ব্যৱহাৰ কৰে। সেয়েহে তেওঁক ভাৰতৰ নিয়মতান্ত্ৰিক শাসক বোলা হয়। তেওঁৰ নামত মন্ত্ৰীসভাই সকলো সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰশাসনত ৰাষ্ট্ৰপতিৰ ভূমিকা হ'ল এটি আনুষ্ঠানিক যন্ত্ৰৰ দৰে। তেওঁৰ নামত ৰাষ্ট্ৰ সিদ্ধান্ত কাৰ্যকৰী কৰা হয়।

 ১৮ জুলাইত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত প্ৰতিটো দল সংগঠনৰেই দেখা গৈছে বিশেষ তৎপৰতা। এইবাৰ এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্ম আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহা।

দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনকেন্দ্ৰিক যুঁজ খনে উদঙাই দিছে ৰাজনীতিৰ আন এটা ৰূপ। দেশত সুস্থিৰ গণতন্ত্ৰ পৰিচালিত হ'বলৈ বা দেশ সঠিকভাৱে চলিবলৈ হ'লে বিৰোধী প্ৰয়োজনীয়। শক্তিশালী বিৰোধী থাকিলেহে এক দেশৰ সুস্থিৰ বিকাশৰ কথা ভাৱিব পাৰি। কিন্তু ভাৰতৰ ৰাজনীতিৰ বিৰোধীয়ে দেখুৱাইছে অন্য এক ৰূপ।

বিৰোধীৰ সকলৰ মাজত দেখা গৈছে অনৈক্য। ইয়াত কোনো সন্দেহৰ অৱকাশ নাই যে ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী আৰু শাসকীয় দুয়োটা পক্ষৰে জনপ্ৰতিনিধি সকলে অংশ গ্ৰহণ কৰিব আৰু এই কাম গণতান্ত্ৰিকভাৱে পৰিচালিত হ'ব।

এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মৰ প্ৰচাৰ দল সমূহে ঐকবদ্ধভাৱে কৰা দেখা গৈছে কিন্তু বিৰোধিৰ ক্ষেত্ৰত দেখা গৈছে অন্য এক ছবি। বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাক একাংশ বিৰোধী জনপ্ৰতিনিধিয়ে লগ এৰা দেখা যায়।

নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকাত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে তেওঁ সমৰ্থন কৰিব দ্ৰৌপদী মুৰ্মক।অৱশ্যে তেওঁ ইয়াৰ বাবে কাৰণ দিছে যে দ্ৰৌপদী মুৰ্ম এগৰাকী জনগোষ্ঠীয় সম্প্ৰদায়ৰ মহিলা হোৱা বাবে এই সমৰ্থন আগবঢ়াব। তেওঁ কয় যে শিৱসেনাৰ একাংশ সাংসদ জনজাতি সম্প্ৰদায়ৰ হোৱা বাবে তেওঁলোকে জনজাতীয় মূলৰ দ্ৰোপদী মুৰ্মক সমৰ্থন জনাব। গতিকে সেই সিদ্ধান্তৰ নীতিগত বিৰোধ কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে।

থাকৰে লগতে কয় যে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আৰু প্ৰতিভা পাটিলৰ সময়তো শিৱসেনাই পৰম্পৰা ভংগ কৰি তেওঁলোকক সমৰ্থন আগবঢ়াইছিল।মন কৰিবলগীয়া যে ইয়াৰ কিছুদিনৰ পূৰ্বে মহাৰাষ্ট্ৰত হৈ যোৱা ৰাজনৈতিক সংকতৰ সময়ত একাংশ বিধায়কে উদ্ধৱ থাকৰেৰ হাত এৰি একনাথ সিন্ধেৰ লগ দি বিজেপিৰ সহযোগত মহাৰাষ্ট্ৰত নতুন শাসন আৰম্ভ কৰিছিল।

এইবাৰ পুনৰ শিৱসেনাৰ একাংশ বিধায়কে সমৰ্থন জনাব দ্ৰৌপদী মুৰ্মক। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে বাকী থকা বিধায়ক সকলৰ মাজতো দেখা দিছে ফাঁট। তদুপৰি  যিয়ে উদ্ধৱ থাকৰেৰ হাতৰ পৰা বাঘজৰী কাঢ়িলে সেই দলটোকে তেওঁ .সমৰ্থন কৰিব বিচৰা কথাটো অতি স্পৰ্শকাতৰ।

বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাই যি সকল জনপ্ৰতিনিধিৰ সাহস আৰু বিশ্বাস লৈ নিৰ্বাচনত নামিছিল সেই জনপ্ৰতিনিধি সকলে যেন এতিয়া তেওঁৰ হাত এৰিলে। বিৰোধিৰ মাজত দেখা দিয়া অনৈক্যই স্পষ্ট কৰি দিছে ৰাজনীতিৰ নতুন খেল।

যশৱন্ত সিনহা নিৰ্বাচনত উঠাৰ সিদ্ধান্ত লোৱাৰ সময়ত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, এন চি পিকে ধৰি আন বিৰোধী সকলে মুকলি সমৰ্থন আগবঢ়াইছিল। আন নালাগে সদায় বিৰোধিৰ স্থানত সহৱস্থান কৰি থকা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনা়ৰ্জীৰো কথাৰ  সুৰ সলনি হোৱা দেখা যায়।

মমতা বেনাৰ্জীয়ে বিৰোধী দলৰ প্ৰাৰ্থীৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা যায় লগতে কয় যে দ্ৰৌপদী মুৰ্ম শক্তিশালী প্ৰাথী হিচাপে নিৰ্বাচনক অৱতীৰ্ণ হৈছে। আনহাতে দাৰ্জিলিঙত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মমতা বেনাৰ্জীৰ সাক্ষাতকাৰো এই সময়ত অতি মন কৰিবলগীয়া বিষয়।

ইউ পি এৰ অন্যতম অংশীদাৰীত্ব দল ঝাৰখণ্ড মুক্তি মৰ্চাই আনুষ্ঠানিক ভাৱে বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাক সমৰ্থন জনাইছে যদিও অন্যহাতে কৈছে যে তেওঁলোকে দ্ৰৌপদী মুৰ্মক ভোট দিব কিয়নো তেওঁ জনগোষ্ঠীয় মূলৰ।

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীকে ধৰি কংগ্ৰেছৰ একাংশ মুৰব্বী আৰু আন বিৰোধী দলে প্ৰচাৰ চলাইছে দ্ৰৌপদী মুৰ্মৰ হৈ।গতিকে বৰ্তমান সময়ত ভাৰতৰ ৰাজনীতিত বিৰোধীৰ অৱস্থান অতি লাজ লগা।

অন্যহাতে ৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত যশৱন্ত সিনহাই কৈছে যে তেওঁৰ সমৰ্থনত বহু জনপ্ৰতিনিধি আছে আৰু এন ডি এৰ একাংশইও তেওঁক সমৰ্থন কৰিব। তেওঁৰ বিশ্বাস থাকিলেও কিন্তু পূৰ্বতে সমৰ্থন কৰা একাংশই তেওঁৰ লগত এতিয়া নাই। গতিকে এয়া স্পষ্ট বুলি ক'ব পাৰি যে  ৰাষ্ট্ৰপতি নিৰ্বাচনত শাসকীয় পক্ষৰ জয় নিশ্চিত।

আমি ইয়াৰ মাজতে আঞ্চলিক দল সমূহৰ বিষয়ে পাহৰি যোৱাতো ঠিক নহ'ব। একাংশ আঞ্চলিক দলে এতিয়াও প্ৰকাশ কৰা নাই তেওঁলোকৰ অৱস্থান। গতিকে এই নিৰ্বাচনত আঞ্চলিক দল সমূহৰ অৱস্থানো অতি স্পৰ্শকাতৰ হ'ব।

বৰ্তমান সময়ত প্ৰাৰ্থী সকলে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ। বিভিন্ন ৰাজ্যত গৈ প্ৰাৰ্থী সকলে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ। গতিকে নিৰ্বাচনী ফলাফল কি হ'ব সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হৈ পৰিব।

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিৰোধিৰ স্থিতিয়ে দেখাই দিলে যে কোনো নীতিগতভাৱে ঐকবদ্ধ নহয়। প্ৰতিবাদ কৰি, চৰকাৰ বিৰোধী শ্লোগান দি বা বিজেপিক শাসনৰ পৰা আঁতৰ কৰিব  বিচৰা বিৰোধিৰ স্থিতি অতি দুৰ্বল।

শক্তিশালী বিৰোধী হ'বলৈ হ'লে নীতিগতভাৱে মিল থাকিবই লাগিব। এই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰভাৱ পৰাৰ সম্ভৱণা আছে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত।হয়তো ২০২২৪ চনত দেখা পাম ৰাজনীতৰ লেতেৰা খেল।

বিজেপিয়ে কেৱল খেলিছে। বিৰোধী দুৰ্বল হোৱাৰ সুযোগ ঠিক মতেই গ্ৰহণ কৰিছে বিজেপিয়ে। একাংশই অন্য দলৰ পৰা গৈ যোগদান কৰিছে বিজেপিত , একাংশ আঞ্চলিক দলো এতিয়া বিজেপিৰ হাতৰ মুঠিত। গতিকে এয়া ক'ব পাৰি যে কংগ্ৰেছ মুক্ত ভাৰত বিচৰা বিজেপিয়ে কেৱল কংগ্ৰেছকে নহয় প্ৰতিটো বিৰোধী দলকে ভাঙি থান বান কৰা দেখা গৈছে।

এই সন্দৰ্ভত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কথা উল্লেখ কৰিব লাগিব। কেইদিনমান পূৰ্বে অমিত শ্বাহে কৈছিল যে দেশত ৩০-৪০ বছৰলৈ বিজেপি নেতৃত্বাধীন চৰকাৰেই থাকিব। ৩০-৪০ বছৰৰ কথা কব নোৱাৰি কিন্তু বিৰোধীৰ ভেঁটি ইমান নৰম হ'লে বিজেপিয়ে যে এয়া সুযোগ নোলাৱাকে থাকিব তাৰ কোনো কাৰণ নাই।

গণতান্ত্ৰিক দেশ এখনত বিৰোধিৰ প্ৰয়োজন। কিন্তু সেই বিৰোধিৰ স্থিতি মজবুট হ'ব লাগিব। কেৱল ধন, সম্পত্তি আৰু ক্ষমতাৰ বাবে ৰাজনীতি কৰি থাকিলে কোনো দলে ভালদৰে টিকিব নোৱাৰে।একাংশ পেচাদাৰী ৰাজনীতিকৰ বাবেই এতিয়া দেশৰ স্থিতি লাজলগা…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in