Advertisment

কলিয়াবৰত শিশু সাহিত্যিক নিৰুপমা বৰুৱাৰ গ্ৰন্থ "ৰং জীৱনৰ" উন্মোচন

কলিয়াবৰত শিশু সাহিত্যিক নিৰুপমা বৰুৱাৰ গ্ৰন্থ "ৰং জীৱনৰ" উন্মোচন

author-image
Asomiya Pratidin
New Update
কলিয়াবৰত শিশু সাহিত্যিক নিৰুপমা বৰুৱাৰ গ্ৰন্থ "ৰং জীৱনৰ" উন্মোচন

ডিজিটেল সংবাদ, কলিয়াবৰঃ অসমীয়া ভাষা সাহিত্যক সমৃদ্ধিশালী কৰাত নৱ প্ৰজন্মৰ দায়িত্ব আছে। অসমীয়া ভাষা সাহিত্যত পৌৰাণিক অসমীয়া শব্দছয়নৰ ব্যৱহাৰে ভাষাক অধিক মধুৰময় কৰি তোলে- সোমবাৰে পূৱথৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ পুথিভঁৰালত বিশিষ্ট শিশু সাহিত্যিক নিৰুপমা বৰুৱাৰ গ্ৰন্থ উন্মোচন কৰি বিশিষ্ট সাহিত্যিক গুণীন হাজৰিকাই এইদৰে মন্তব্য কৰে।

Advertisment

কলিয়াবৰ সাহিত্য কাননৰ সভাপতি বিপুল ভট্টাচাৰ্য্যৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট কবি ৰাণুমণি বৰাই বিশিষ্ট শিশু সাহিত্যিক নিৰুপমা বৰুৱাৰ কৰ্মময় জীৱন আলোকপাত কৰি এটি কবিতা পাঠ কৰে। শিক্ষকতাৰে সমাজত সেৱা আগবঢ়াই ৰাষ্ট্ৰীয় শিক্ষকতা বঁটা লাভ কৰি সাহিত্যিক পেঞ্চনেৰে সন্মানীত হোৱা বিশিষ্ট শিশু সাহিত্যিকগৰাকীয়ে ইতিমধ্যে ২৩খন গ্ৰন্থ প্ৰকাশ কৰিছে।

কলিয়াবৰ সাহিত্য কাননৰ সম্পাদক ৰবিৰাম শইকীয়াই আঁতধৰা অনুষ্ঠানত কলিয়াবৰ শাখা সাহিত্য সভাৰ উপ-সভাপতি গুণাৰাম বৰুৱা আৰু মামণি বৰুৱা বৰাই প্ৰৱন্ধ পাঠ, ধনীৰাম দাস আৰু ভোগৰাম বড়োয়ে  গীত পৰিৱেশন, নিকুমণি ভাগৱতী, নমিতা হাজৰিকা, চাৰু মণি হাজৰিকা, অঞ্জলি বৰাই কবিতা পাঠেৰে অনুষ্ঠান জীপাল কৰি তোলে।

অনুষ্ঠানত কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি নবীন বৰঠাকুৰ , বিশিষ্ট গল্পকাৰ ধ্ৰুৱজ্যোতি শৰ্মা,পুষ্পেন্দ্ৰ শইকীয়া, পৰেশনাথ ভূঞা, দিগন্ত মহন্ত, বিৰাজ মহন্ত, প্ৰমোদ বৰঠাকুৰ, নিকুমণি ভাগৱতী , অতুল চন্দ্ৰ দাস, চাৰু মণি হাজৰিকা, নমিতা হাজৰিকা , তুলসী প্ৰিয়া বৰা,  শুৱলা মহন্ত, পূণ্যদা গোস্বামী ভূঞা, মামণি বৰুৱা বৰা, গীতিমা হাজৰিকা, অঞ্জলি বৰাকে প্ৰমুখ্য কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে।

Also Read: ঢকুৱাখনাত মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন

Kaliabar book published