ইমান সম্পত্তি ! অ' চি উৎপল বৰাৰ আলাউদ্দিনৰ চাকি নাছিল ! থানাত হাত পাতি বহিহে আছিল...

ইমান সম্পত্তি ! অ' চি উৎপল বৰাৰ আলাউদ্দিনৰ চাকি নাছিল ! থানাত হাত পাতি বহিহে আছিল...
লোভেই পাপ, পাপেই মৃত্যু। অৱশেষত সপত্নীকসহ গ্ৰেপ্তাৰ হ'ল এজন দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়া ! নাম উৎপল বৰা। সম্পত্তি দেখি তদন্তকাৰী বিষয়াৰে হুচ উৰিল। ইমান ধনী, মাটি, বিলাসী গাড়ী, অট্টালিকা সকলো আছে। নাই কি ? কিন্তু কেনেকৈ পোহৰলৈ আহিল উৎপল বৰাৰ নামে-বেনামে থকা সম্পত্তিৰ তালিকা ? কোন আছিল উৎপল বৰা ? খাকী পোচাকৰ জোৰত কেনেকৈ ঘটিছিল ইমান টকা ? তেওঁৰ পত্নীকো কিয় কৰা হ'ল গ্ৰেপ্তাৰ ? অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন।

আয়তকৈ অধিক সম্পত্তি আহৰণ কৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক তথা ধূলা কিশোৰী হত্যাকাণ্ডৰে জড়িত তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাসহ বৰাৰ পত্নীক আজি অসম আৰক্ষীয়ে আটক কৰিছে। আজি আবেলিৰ ভাগত বৰাক গুৱাহাটীৰ নিজা আৱাসৰ পৰা আৰক্ষীয়ে আটক কৰে।

মনকৰিবলগীয়া যে, দীৰ্ঘদিন ধৰি উৎপল বৰা ধূলাৰ কিশোৰী আৰতী তুৰী হত্যাকাণ্ডৰ চিআইডি গোচৰত কৰায়ত্ব হৈ ন্যায়িক জিম্মাত কটাই জামিনত ওলাই আহিছিল। চিআইডিৰ তদন্তৰ সময়তে বৰাৰ আয়তকৈ অধিক সম্পত্তিৰ তথ্য পোহৰলৈ আহিছিল।

কেবাটাও বেংকত স্থায়ী জমা, বিলাসী বাহন, গুৱাহাটীত মাটি-সম্পত্তিৰ তালিকা দেখি তদন্তকাৰীৰ চকু কপালত উঠিছিল। বৰা যদিও ধূলাকাণ্ডৰ গোচৰত কৰায়ত্ব হোৱাৰ লগতে বিগত বৰ্ষৰ নৱেম্বৰ মাহত উক্ত গোচৰত চিআইডিৰ তদন্তত দৰঙৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, দলগাৱৰ ৰাজহ চক্ৰ বিষয়া সহ ৩ গৰাকী চিকিৎসক আৰু ধূলা থানাত কৰ্মৰত বৰাৰ গাড়ীচালক সমুদায় ৮ জনকৈ বিষয়া গ্ৰেপ্তাৰ হৈ জেলত দিন অতিবাহিত কৰিব লগা হৈছিল।

উক্ত গোচৰত দীঘলীয়া সময় জেলত কটাই নিজ গৃহলৈ উভতিছিল যদিও এইবাৰ পত্নী প্ৰতিভাৰেখা ডেকাসহ কৰায়ত্ব হ'ব লগা হৈছে একমাত্ৰ আয়তকৈ অধিক সম্পত্তি আহৰণৰ তদন্তৰ বাবে। লক্ষনীয় যে, বিগত বৰ্ষৰ ১১ মে'ৰ দিনা ধূলা থানাৰ সমীপত হুগ্ৰাজুলিৰ আৰতী তুৰী নামৰ কিশোৰী গৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছিল তেজপুৰৰ এচএচবি জোৱান কৃষ্ণ কমল বৰুৱাই।

বিষয়টোকলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই চিআইডিৰ তদন্ত ঘোষণা কৰে। লগে লগে আৰম্ভ হোৱা তদন্তত গ্ৰেপ্তাৰ আৰম্ভ হয়। পোনতে ধূলা থানাৰ অচি উৎপল বৰাসহ দৰঙৰ তদানীন্তন আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন নিলম্বিত হয়।

পাছলৈ এই ৩ গৰাকী আৰক্ষীৰ উপৰিও, সুৰক্ষা বাহিনীৰ জোৱান কৃষ্ণকমল বৰুৱা, মৰণোত্তৰ প্ৰতিবেদনৰ সূত্ৰ ধৰি ৩ চিকিৎসকসহ ইনকেচ ৰিপৰ্টত স্বাক্ষৰ কৰা কাৰ্যবাহী দণ্ডাধীশ আনকি ধনৰ লেনদেনত জড়িত গাড়ীচালককো কৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল।

চিআইডিৰ এই তদন্তৰ সময়তে বৰাৰ গুৱাহাটীৰ মাটি ঘৰ, বেংকৰ জমা আৰু বিলাসী বাহন তথা বিদেশ ভ্ৰমণৰ তথ্য পোহৰলৈ আহে। প্ৰথম অধ্যায়ৰ তদন্তত সম্পত্তি আয়তকৈ অধিক অৰ্জনৰ তদন্ত চলা নাছিল যদিও এইবাৰ সম্পত্তিৰ তদন্তত পুনৰ সপত্নীক আটক হ'ব লগা হৈছে।

ইমান সম্পত্তি ! অ' চি উৎপল বৰাৰ আলাউদ্দিনৰ চাকি নাছিল ! থানাত হাত পাতি বহিহে আছিল...
পশ্চিম কাৰ্বি আংলঙত জলসম্পদ বিভাগৰ চাৰিখন আঁচনিৰ শিলান্যাস মন্ত্ৰী পীযুষ হাজৰীকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in