বটদ্ৰৱা উন্নয়ন খণ্ডৰ ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তত অনিয়মৰ অভিযোগ

বটদ্ৰৱা উন্নয়ন খণ্ডৰ ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তত অনিয়মৰ অভিযোগ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাজ্যত সময়ে সময়ে পঞ্চায়তৰ অনিয়ম-লুন্ঠনৰাজৰ কথা পোহৰলৈ আহি থাকে। সেই একেই অভিযোগ উত্থাপন হৈছে বটদ্ৰৱা উন্নয়ন খণ্ডৰ ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তত। চৰকাৰী আচঁনিত ব্যাপক অনিয়মৰ অভিযোগ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে।

উল্লেখ্য যে পঞ্চায়তটোৰ সভানেত্ৰী ৰাসিদা খাতুনৰ সহযোগত স্বামীয়ে চলাই আহিছে উন্নয়নৰ নামত লুণ্ঠনৰাজ। পঞ্চায়তখনিত সভানেত্ৰীৰ সলনি পঞ্চায়তৰাজ চলাই স্বামীয়ে। তদুপৰি নিজকে পৰিচয় দিয়ে সভাপতি হিচাপে। বটদ্ৰৱা উন্নয়ন খণ্ডৰ ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তত পঞ্চায়ত সভানেত্ৰী আৰু স্বামীয়ে প্ৰধানমন্ত্ৰী আবাস গৃহৰ আঁচনি ৰূপায়নৰ নামত ধন সংগ্ৰহ কৰাৰ লগতে উন্নয়নৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ। আৰু এই লুণ্ঠনৰাজ চলোৱাত আতিষ্ঠ হৈ দহ জন ৱাৰ্ড সদস্যৰ ভিতৰত আঠজন ৱাৰ্ড সদস্যই আনিলে সভানেত্ৰীৰ বিৰুদ্ধে আনাস্থা প্ৰস্তাৱ। বটদ্ৰৱাৰ উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়াক এই আনাস্থা প্ৰস্তাৱ প্ৰদান কৰে আঠজনকৈ পঞ্চায়ত ৱাৰ্ড সদস্যই।

তদুপৰি পঞ্চায়তটোৰ ১৩ টা কামৰ ভিতৰত ৮ টা কামতে পৰিয়ালৰ সদস্যৰে কমিটি বনাই কামৰ বিল আদায় কৰাৰ অভিযোগ আনিছে পঞ্চায়তটোৰ ৱাৰ্ড সদস্য সকলে। পঞ্চায়তটোৰ কামৰ এক নমুনা হিচাপে, পঞ্চায়তৰ চৌহদতে বটদ্ৰৱা বজাৰৰ শ্বেয়াৰৰ পৰা ৩ লাখ ৩০ হাজাৰ টকা লাভ কৰি মাত্ৰ ৯ গাড়ী মাটি পেলোৱাৰো অভিযোগ। এতিয়া পঞ্চায়তটো সদস্য সকলে চৰকাৰৰ ওচৰত উচিত তদন্ত বিচাৰি আনিছে আনাস্থা। উন্নয়নৰ নামত আৱণ্টিত ধনৰ প্ৰতিটো কিস্তি মোকালাই নি নামমাত্ৰ কাম কৰাৰ লগতে অৰুনোদয় আঁচনি, চৰকাৰী আবাসগৃহকে ধৰি সকলোতে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ। এই অভিযোগ আঠজনকৈ পঞ্চায়তৰ ৱাৰ্ড সদস্যই সংবাদমেল যোগে সাংবাদিকক অৱগত কৰে।

বটদ্ৰৱা উন্নয়ন খণ্ডৰ ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তত অনিয়মৰ অভিযোগ
BUDGET 2023 LIVE UPDATE: কেন্দ্ৰীয় বাজেট লাইভ আপডেট...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in