/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/68bbbb52-5a1a-44ac-a0d1-3a02eb8e5570/AP_FOR_WEB_budget.jpg)
BUDGET 2023 LIVE UPDATE: কেন্দ্ৰীয় বাজেট লাইভ আডেট...
-
Feb 01, 2023 12:37 IST
বছৰি ১২-১৫ লাখ টকাৰ ভিতৰত উপাৰ্জন কৰা সকলৰ ওপৰত ২০ শতাংশ হাৰত কৰ আৰোপ কৰা হ'ব। যিসকলে ১৫.৫ লাখ টকালৈকে উপাৰ্জন কৰে তেওঁলোকে ৫২,০০০ টকাৰ সুবিধা লাভ কৰিব। বছৰি ১২-১৫ লাখ টকাৰ ভিতৰত উপাৰ্জন কৰা সকলৰ ওপৰত ২০ শতাংশ হাৰত কৰ আৰোপ কৰা হ'ব।
-
Feb 01, 2023 12:36 IST
এতিয়া বছৰি ৭ লাখ টকাতকৈ কম উপাৰ্জন কৰা সকলক কৰৰ ৰেহাই দিয়া হ'ব।
-
Feb 01, 2023 12:34 IST
ৰূপৰ ওপৰত শুল্ক বৃদ্ধি
-
Feb 01, 2023 12:34 IST
পৰীক্ষাগাৰত নিৰ্মিত হীৰাৰ বীজৰ ওপৰত শুল্ক ৰেহাই
-
Feb 01, 2023 12:33 IST
লিথিয়াম-আয়ন বেটাৰি আমদানিৰ ওপৰত শুল্ক ৰেহাই
-
Feb 01, 2023 12:33 IST
কিছুমান মোবাইল পাৰ্টছৰ টেক্সত সকাহ
-
Feb 01, 2023 12:09 IST
বিত্তীয় ঘাটি জি ডি পিৰ ৫.৯ শতাংশ ৰখা হৈছে
-
Feb 01, 2023 12:08 IST
জ্যেষ্ঠ নাগৰিকৰ সৰ্বাধিক সঞ্চয়ৰ সীমা বৃদ্ধি
জ্যেষ্ঠ নাগৰিকৰ বাবে সৰ্বাধিক সঞ্চয়ৰ সীমা ১৫ লাখ টকাৰ পৰা ৩০ লাখ টকালৈ বৃদ্ধি কৰা হ'ব।
-
Feb 01, 2023 12:07 IST
ৰাজ্যসমূহৰ পুৰণি বাহন সলনি কৰিবলৈ পৰ্যাপ্ত পুঁজি যোগান ধৰিব কেন্দ্ৰই
-
Feb 01, 2023 12:07 IST
মহিলা সন্মান সঞ্চয় প্ৰমাণপত্ৰ মুকলি
মহিলা সন্মান সঞ্চয় প্ৰমাণপত্ৰ মুকলি কৰা হ'ব। এইটো দুবছৰৰ বাবে উপলব্ধ হ'ব। ২০২৩ ৰ পৰা ২০২৫ৰ মাৰ্চ লৈকে হ'ব।
-
Feb 01, 2023 12:05 IST
৪৭ লাখ শিক্ষাৰ্থীৰ বাবে প্ৰত্যক্ষ স্থানান্তৰ লাভালাভ আঁচনি ৰূপায়ণ
-
Feb 01, 2023 12:03 IST
ক্ষুদ্ৰ উদ্যোগৰ বাবে ৯ হাজাৰ কোটি
ক্ষুদ্ৰ উদ্যোগৰ বাবে ৯ হাজাৰ কোটি ঋণ গেৰাণ্টি দিয়া হ'ব বুলি বিত্তমন্ত্ৰীৰ উল্লেখ।
-
Feb 01, 2023 12:02 IST
আৰ্দ্ৰভূমিৰ বিকাশৰ বাবে অমৃত ধাৰোহাৰ যোজনা
-
Feb 01, 2023 12:00 IST
৩০ টা স্কিল ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ স্থাপন হ'ব
-
Feb 01, 2023 12:00 IST
পৰ্যটনৰ প্ৰচাৰৰ বাবে এটা এপ তৈয়াৰ কৰা হব
পৰ্যটনৰ প্ৰচাৰৰ বাবে এটা এপ তৈয়াৰ কৰা হ'ব। যাৰ ওপৰত সকলো ধৰণৰ প্ৰয়োজনীয় তথ্য উপলব্ধ হ'ব। স্বদেশ দৰ্শন আঁচনিও ৰূপায়ণ কৰা হ'ব।
-
Feb 01, 2023 11:59 IST
২০০ টা সংকুচিত জৈৱ গেছ প্ৰকল্পৰ বাবে ১০,০০০ কোটি টকা
-
Feb 01, 2023 11:59 IST
৩০ স্কিল ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব।
-
Feb 01, 2023 11:58 IST
প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা-৪ মুকলি
শীঘ্ৰেই প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা- ৪ আৰম্ভ কৰা হ'ব।
-
Feb 01, 2023 11:57 IST
বৈকল্পিক সাৰৰ বাবে প্ৰধানমন্ত্ৰী প্ৰনাম যোজনা
বৈকল্পিক সাৰৰ বাবে প্ৰধানমন্ত্ৰী প্ৰনাম যোজনা আৰম্ভ কৰা হ'ব। যাৰ জৰিয়তে ১ কোটি কৃষক জৈৱিক কৃষিৰ সৈতে জড়িত হ'ব।
-
Feb 01, 2023 11:56 IST
হাইড্ৰজেন মিছনৰ বাবে ১৯,৭০০ কোটি
ৰাষ্ট্ৰীয় হাইড্ৰজেন মিছনৰ বাবে ১৯,৭০০ কোটি টকা ধাৰ্য কৰা হৈছে।
-
Feb 01, 2023 11:55 IST
ডিজিলকাৰ কাৰ্যসূচী আৰু সম্প্ৰসাৰিত কৰা হ'ব।
ৰাষ্ট্ৰীয় হাইড্ৰজেন মিছনৰ বাবে ১৯,৭০০ কোটি টকা আৱণ্টন কৰা হৈছে।
-
Feb 01, 2023 11:55 IST
৫-জি পৰীক্ষাৰ বাবে ৫০০ টা পৰীক্ষাগাৰ স্থাপন কৰা হ'ব।
-
Feb 01, 2023 11:55 IST
৫-জি সেৱাৰ বাবে এপ বিকাশ
দেশত ৫ জি সেৱা বিকাশ কৰিবলৈ ১০০ টা পৰীক্ষাগাৰ নিৰ্মাণ কৰা হ'ব।
-
Feb 01, 2023 11:55 IST
৫০ টা অতিৰিক্ত বিমানবন্দৰ, হেলিপোৰ্টৰ পুনৰ নিৰ্মাণ
-
Feb 01, 2023 11:52 IST
৫০ টা অতিৰিক্ত বিমানবন্দৰ আৰু হেলিপেড
বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে, দেশত ৫০ টা অতিৰিক্ত বিমানবন্দৰ আৰু হেলিপেড নিৰ্মাণ কৰা হ'ব।
-
Feb 01, 2023 11:51 IST
ই আদালতৰ বাবে ৯৭ হাজাৰ কোটি
বিত্ত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছেযে ই-আদালতৰ বাবে ৯৭,০০০ কোটি টকা আৱণ্টন কৰা হৈছে।
-
Feb 01, 2023 11:22 IST
ডিজিটেল ডেস্কঃ ২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেট আজি বিত্তমন্ত্ৰী নিৰ্ণলা সীতাৰমণে উত্থাপন কৰিছে। ইয়াৰ পূৰ্বে বিত্ত মন্ত্ৰীগৰাকীৰ লগতে বিত্ত মন্ত্ৰণালয়ৰ বিষয়াসকলে ৰাষ্ট্ৰপতিক সাক্ষাত কৰে আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বাজেটত অনুমোদন জনাইছে।
উল্লেখ্য যে নিৰ্মলা সীতাৰমণে একেৰাহে পঞ্চমবাৰৰ বাবে সংসদত বাজেট উত্থাপন কৰিছে। অহা বছৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এয়া কেন্দ্ৰীয় চৰকাৰৰ অন্তিম পূৰ্ণ বাজেট।
পৰৱৰ্তী ২৫ বছৰৰ বিকাশৰ ব্লুপ্ৰিণ্ট এই বাজেট
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি উত্থাপন কৰা কেন্দ্ৰীয় পূৰ্ণাংগ বাজেটখনক আগন্তক ২৫ বছৰৰ বিকাশৰ এক ব্লুপ্ৰিণ্ট বুলি উল্লেখ কৰিছে।
প্ৰধানমন্ত্ৰী PVGT আঁচনি ৰূপায়ণ কৰা হ'ব
বাজেটত উল্লেখ কৰা অনুসৰি প্ৰধানমন্ত্ৰী PVGT আঁচনি ৰূপায়ণ কৰা হ'ব। এই আঁচনিখন দুৰ্বল জনজাতীয় গোটৰ বাবে প্ৰস্তুত কৰা হৈছে।
কৃষি ক্ৰেডিট কাৰ্ড ২০ লাখ কোটি টকালৈ বৃদ্ধি
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উল্লেখ কৰা অনুসৰি কৃষি ক্ৰেডিট কাৰ্ড ২০ লাখ টকালৈ বৃদ্ধি কৰা হ'ব।
প্ৰধানমন্ত্ৰী মৎস্য যোজনাৰ বাবে ৬ হাজাৰ কোটি
প্ৰধানমন্ত্ৰী মৎস্য যোজনাৰ বাবে বাজেটত ৬ হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে।- বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ
প্ৰধানমন্ত্ৰী আৱাজ যোজনাৰ অধীনত ৭৯,০০০ কোটি টকা
প্ৰধানমন্ত্ৰী আৱাজ যোজনাৰ অধীনত ৭৯,০০০ কোটি টকা আৱণ্টন কৰা হ'ব। প্ৰধানমন্ত্ৰী আৱাজ যোজনা ৬৬ শতাংশ বৃদ্ধি কৰা হৈছে।
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে ৭৯,০০০ কোটি টকা
বাজেটত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে ৭৯,০০০ কোটি টকা আৱণ্টন কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন ৬৬ শতাংশ বৃদ্ধি কৰা হৈছে।
নগৰ উন্নয়নৰ বাবে প্ৰতি বছৰে ১০ হাজাৰ কোটি টকা আৱণ্টন কৰা হ'ব।
মূলধন বিনিয়োগৰ বাবে ১০ লাখ কোটি টকাৰ আৱন্তন।
ৰেলৱেৰ বাবে ২.৪ লাখ কোটি টকা আৱণ্টন
বিত্ত মন্ত্ৰীয়ে ৰে'লৱেৰ বাবে ২.৪ লাখ কোটি টকা আৱণ্টন কৰিছে।
মূলধন বিনিয়োগৰ বাবে আৱণ্টন জি ডি পিৰ ৩.৩ শতাংশ।
কোৰোনাৰ সময়ত হোৱা লোকচানৰ বাবে এম.এছ.এম.ই.বোৰক ক্ষতিপূৰণ দিয়া হ'ব
কোৰোনাৰ সময়ত হোৱা লোকচানৰ বাবে এম এছ এম ই বোৰক ক্ষতিপূৰণ দিয়া হ'ব। তেওঁলোকৰ জমাৰ ৯৫ শতাংশ ঘূৰাই দিয়া হ'ব।
নগৰ উন্নয়নৰ বাবে বছৰি ১০,০০০ কোটি টকাৰ আৱণ্টন।