/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/e59ccdb0-44dd-414a-9bb3-33603e5cec10/Sir.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা: আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক বিজেপিৰ লগতে মণ্ডল সমিতি সমূহত সাংগঠনিক তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হয় ৷ ৰাজ্যৰ লোকসভা সমষ্টি সমূহৰ ভিতৰত বিশেষকৈ ১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বটদ্ৰৱা বিধান সভা সমষ্টিৰ তিনিটা মণ্ডল ক্ৰমে বটদ্ৰৱা মণ্ডল, দলংঘাট মণ্ডল আৰু ধিং টাউন মণ্ডলৰ কাৰ্যকৰ্তা সকলে কৰা সাংগঠনিক কামকাজৰ ওপৰত পৃথকে পৃথকে বুজ লয় ১১ নং কলিয়াবৰ লোকসভা প্ৰবাস যোজনাৰ বিস্তাৰক নন্দ কিশোৰ গোস্বামীয়ে৷
এই সময়চোৱাত মণ্ডল কেইটাৰ দলীয় কাৰ্যকৰ্তা সকলে বৰ্তমান কংগ্ৰেছৰ দখলত থকা উল্লেখিত লোকসভা সমষ্টিটোত নিজ দলৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে বিস্তাৰক গৰাকীক আবেদন জনোৱাৰ লগতে উক্ত লোকসভা সমষ্টিটো আগন্তুক নিৰ্বাচনত গগৈ পৰিয়ালৰ পৰা উদ্ধাৰ কৰিবৰ বাবেও সাজু থকাৰ কথা অৱগত কৰে৷
ৰাজ্যত দলীয় ভাৱে চলি থকা লোকসভা প্ৰবাস যোজনাৰ জৰিয়তে দলীয় তথা মণ্ডল আৰু বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাৰ লগতে বিজেপিৰ দলীয় পৌৰসভা, নগৰ সমিতি তথা পঞ্চায়ত প্ৰতিনিধি সকলৰ লগতো দলীয় কামকাজৰ খতিয়ান লয় বিস্তাৰক গৰাকীৰ লগতে কলিয়াবৰ জিলাৰ উপ সভাপতি কিশোৰ কৰ্মকাৰে।
Also Read: চৰকাৰী বিদ্যালয়লৈ শিক্ষাৰ্থীৰ সোঁত...