চৰকাৰী বিদ্যালয়লৈ শিক্ষাৰ্থীৰ সোঁত...

ওদালগুৰিৰ শঙ্কৰদেৱ মিচন মাধ্যমিক বিদ্যালয়ত নামভৰ্ত্তিৰ বাবে হেতা-ওপৰা

author-image
Asomiya Pratidin
New Update
চৰকাৰী বিদ্যালয়লৈ শিক্ষাৰ্থীৰ সোঁত...

ডিজিটেল সংবাদ, ওদালগুৰি: ওদালগুৰি জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান শঙ্কৰদেৱ মিচন মাধ্যমিক বিদ্যালয়ত ষষ্ঠ শ্ৰেণীত নামভৰ্ত্তিৰ বাবে জিলাখনৰ বিভিন্ন প্ৰান্তৰ ছাত্র-ছাত্ৰী আহি ভিৰ কৰাৰ পৰিলক্ষিত হৈছে। বিদ্যালয়খনত ২০২৩-২৪ বৰ্ষত ষষ্ঠ শ্ৰেণীত এশ গৰাকী ছাত্ৰ-ছাত্ৰীৰ আসনৰ সুবিধা আছে যদিও প্ৰায় দুশ গৰাকী ছাত্র-ছাত্ৰীয়ে নামভৰ্ত্তিৰ বাবে আবেদন কৰিছে ।

Advertisment

উল্লেখযোগ্য যে ওদালগুৰিৰ বিভিন্ন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰাও ষষ্ঠ শ্ৰেণীত নামভৰ্ত্তিৰ আশা কৰি বিদ্যালয়খনলৈ বৈছে ছাত্ৰ-ছাত্ৰীৰ সোঁত। জিলাখনৰ বিভিন্ন ঠাইত গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা দহ গৰাকীতকৈ অধিক ছাত্র-ছাত্ৰী এই বিদ্যালয়খনলৈ নামভৰ্ত্তিৰ বাবে আহিছে বুজি বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে।

১৯৭৩ চনত স্থাপিত সোণালী জয়ন্তী বৰ্ষ গৰকা এই বিদ্যালয়খনত বৰ্তমান প্ৰায় ছশ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। ষষ্ঠ শ্ৰেণীত নামভৰ্ত্তিৰ সুবিধা থকা বিদ্যালয়খনৰ সপ্তম, অষ্টম আৰু নৱম শ্ৰেণীত নামভৰ্ত্তিৰ বাবেও শিক্ষাৰ্থী সকলৰ অভিভাৱকসকলে ভিৰ কৰা বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষক মুনীন্দ্ৰ কুমাৰ দাসে সদৰি কৰিছে।

যি সময়ত শিক্ষাৰ্থীৰ অভাৱত বিভিন্ন ঠাইত অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ বাতৰি সম্প্ৰচাৰিত হৈছে সেই সময়ত নামভৰ্ত্তিৰ বাবে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়খনত ছাত্ৰী-ছাত্ৰী সকলে ভিৰ কৰাতো এক শুভ লক্ষণ বুলি ওদালগুৰিৰ সচেতন লোকে ব্যক্ত কৰিছে ।

Also Read: ৰাজ্যিক পক্ষীৰ সুৰক্ষা আৰু সংৰক্ষণৰ সজাগতাৰে আৰম্ভ অপেন কাৰাটে চেম্পিয়নশ্বিপ...

ASSAM GOVERNMENT