বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনত অসমীয়া হস্ততাঁত প্ৰদৰ্শনী...

ব্যক্তিগত খণ্ডৰ অনুষ্ঠান সমূহেও ভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিছে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনত অসমীয়া হস্ততাঁত প্ৰদৰ্শনী...

batadrava

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমৰ ইতিহাসৰ বীৰত্ব আৰু সাহসৰ প্ৰতীক বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ বাবে চৰকাৰী খণ্ডৰ অনুষ্ঠান প্ৰতিষ্ঠান সমূহ ব্যস্ত থকাৰ সমান্তৰালকৈ ব্যক্তিগত খণ্ডৰ অনুষ্ঠান সমূহেও ভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিছে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী।

Advertisment

নগাঁও জিলাৰ বটদ্ৰৱা শংকৰদেৱৰ শিশু নিকেতনৰ উদ্যোগত কালিৰে পৰা চাৰিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে মহাবীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী। সোমবাৰে নিকেতনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাছত মঙলবাৰে পুৱা গছ পুলি ৰোপণ কৰা হয়।

গছ পুলি ৰোপনৰ পাছত নিকেতনৰ আচাৰ্য-আচাৰৰ্য্যা সকলে অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ তথা ক্ৰমাৎ হেৰাই যাব ধৰা অসমীয়া তাঁত শালৰ সঁজুলি সমূহৰ এখনি প্ৰদৰ্শনী অনুষ্ঠিত কৰে।

শংকৰদেৱ শিশু নিকেতনৰ চৌহদত অনুষ্ঠিত উক্ত প্ৰদৰ্শনী খনি মুকলি কৰে নিকেতনৰ প্ৰধান আচাৰ্য সোনামনি কলিতাই। অনুষ্ঠানত সাংবাদিক দিব্যজ্যোতি বৰুৱা, নিকেতন পৰিচালনা সমিতিৰ বিষয় ববীয়া, আচাৰ্য-আচাৰ্যা, অভিভাৱক, ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।

আৰু পঢ়ক : 'ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় সমন্বয় বঁটা' গ্ৰহণ কৰিবলৈ অসমত ঊষা মংগেশকাৰ...

assam batadrava