বটদ্ৰৱা আৰক্ষীৰ সজাগতামূলক শোভাযাত্রা...

বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে বটদ্ৰৱা আৰক্ষী আৰু বটদ্ৰৱা গাঁওৰক্ষী বাহিনীৰ সহযোগত এক সজাগতামূলক শোভাযাত্রা উলিও

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা আৰক্ষীৰ সজাগতামূলক শোভাযাত্রা...

batadrava

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে বটদ্ৰৱা আৰক্ষী আৰু বটদ্ৰৱা গাঁওৰক্ষী বাহিনীৰ সহযোগত এক সজাগতামূলক শোভাযাত্রা উলিওৱা হয়।

Advertisment

বটদ্ৰৱা আৰক্ষী থানাৰ পৰা উলিওৱা এই শুভাযাত্ৰাত অংশগ্ৰহণ কৰে অঞ্চলৰ বিদ্যালয় সমূহৰ ছাত্ৰ ছাত্ৰীয়ে। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান হৈ শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়লৈ যায় এই শুভাযাত্ৰা।

শুভাযাত্ৰাত উপস্থিত থাকে বটদ্ৰৱা আৰক্ষী থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া সম্প্ৰীতি হাজৰিকা, আৰক্ষী চক্ৰ পৰিদৰ্শক অসীম বৰাৰ লগতে বিশিষ্ট ব্যক্তি সকল। আনহাতে, ৰাজ্যৰ ভিন্নত প্ৰান্তত এতিয়া বীৰ লাচিতৰ জন্মজয়ন্তী উপলক্ষে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে।

আৰু পঢ়ক : অবৈধভাৱে ভাৰতত প্রৱেশ কৰা দুই ইউক্রেনিয়ানক স্বদেশলৈ প্রত্যাৰ্পণ...

assam batadrava police