প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ এৰি দিলে বটদ্ৰৱা থানৰ আকাশী গংগাত…

প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ এৰি দিলে বটদ্ৰৱা থানৰ আকাশী গংগাত…

author-image
asomiyapratidin
New Update
প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ এৰি দিলে বটদ্ৰৱা থানৰ আকাশী গংগাত…

ডিজিটেল সংবাদ, বটদ্ৰৱা: বটদ্ৰৱাৰ প্ৰকৃতিপ্ৰেমী ব্যক্তি সুনিল বৰুৱাই বুধবাৰে বটদ্রৱা থানৰ আকাশীত এটা দুস্প্ৰাপ্য প্ৰজাতিৰ কাছ সযতনেৰে কঢ়িয়াই আনি মেলি দিয়ে। প্ৰকৃতিপ্ৰেমী তথা ব্যৱসায়ী বৰুৱাই সোমবাৰে নিশা ১১ বজাত গাড়ীৰে নিজ বাসগৃহলৈ গৈ থকা অৱস্থাত বৰভেটি পথাৰৰ পৰা ৰাষ্টা পাৰ হৈ থকা এটা কাছ প্ৰত্যক্ষ কৰে।

অন্য দুষ্ট প্ৰকৃতিৰ লোকৰ দৃষ্টিগোচৰ হোৱাৰ আগতেই তেওঁ কাছটো উদ্ধাৰ কৰি উপযুক্ত সংৰক্ষণৰ চিন্তাৰে বুধবাৰে বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত আকাশী গংগাত মেলি দিলে এই কাছটো।

যি সময়ত একাংশ লোকে প্ৰকৃতি তথা জীৱ কূল ধ্বংস কৰি পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে সেই সময়তে প্ৰকৃতিপ্ৰেমী বৰুৱাই কাছ সংৰক্ষণ কৰা প্ৰচেষ্টাক সকলোৱে একেমুখে শলাগ লৈছে।

আৰু পঢ়ক: জাগীৰোডত নৈশ বাছ দুৰ্ঘটনাগ্রস্ত

batadrava assam