বটদ্রৱাত সামূহিক বিবাহ অনুষ্ঠান…

বটদ্রৱাত সামূহিক বিবাহ অনুষ্ঠান…

author-image
asomiyapratidin
New Update
বটদ্রৱাত সামূহিক বিবাহ অনুষ্ঠান…

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্রৱা সমষ্টিৰ কাকমাৰীত বৃহস্পতিবাৰে সম্পন্ন হয় সামূহিক বিবাহ অনুষ্ঠান। কাকমাৰী বৰ নামঘৰত অনুষ্ঠিত বিবাহ অনুষ্ঠানত দেখা পোৱা গ'ল ১৩ যোৰা দৰা কইনা।

প্ৰেম বলিয়া ডেকাই ছোৱালী পলুৱাই নি ঘৰৰ বোৱাৰী কৰাটো কোনো নতুন কথা নহয়। সমাজত এনেবোৰ ঘটনা হৈয়ে থাকে। পিছে পলুৱাই নি ঘৰৰ বোৱাৰী কৰাৰ ক্ষেত্ৰত ঠাই বিশেষে সমাজৰ ৰীতি নীতিও বেলেগ । সমাজ ব্যৱস্থাৰ নীতি নিয়মক শ্ৰদ্ধা কৰি ডেকা কালৰ ভূলৰ পৰাচিত আৰু সামাজিক প্ৰথাৰে বিবাহ পাশত আবদ্ধ হ'ব লগা হ'ল এইসকল দৰা কইনা ।

নিশা নোৱন – ধোৱনৰ পৰা আৰম্ভ কৰি বিয়াৰ সকলো পৰম্পৰাই অক্ষুণ্ণ ৰখি সম্পন্ন হয় বিবাহ কাৰ্য। কাকমাৰী গাঁৱৰ যুৱক সংঘৰ উদ্যোগত গাঁৱৰ বৰ নামঘৰত অঞ্চলটোৰ ১৩ যোৰা দৰা কইনাক ৰাইজে সামাজিক স্বীকৃতি প্ৰদান কৰে। বিবাহ স্থলীত আনন্দ উল্লাস আলহী আপ্যায়ন আধুনিক জাক জমকীয়া বিবাহতকৈ কোনো গুণে কম নাছিল।

উদ্যোগতা সকলৰ পৰা সাংবাদিকক জানিবলৈ দিয়া মতে "আৰ্থিকেই নহয় অভিভাৱকৰ অসুবিধাত বহুতেই পূৰ্বেই জীৱন সংগী গোটালে যদিও সামাজিকভাৱে বিবাহ কাৰ্য সম্পাদন কৰিব পৰা নাছিল । এনেধৰণৰ কাৰ্যসূচীয়ে গাঁও বাসীৰ মাজত শান্তি- সম্প্ৰীতি অটুট ৰাখিব বুলি মত প্ৰকাশ কৰে।

আৰু পঢ়ক: ডুমডুমাৰ লংচোৱালত অগ্নিকাণ্ডৰ ঘটনা, বৃদ্ধা নিহত…

nagaon assam