ডুমডুমাৰ লংচোৱালত অগ্নিকাণ্ডৰ ঘটনা, বৃদ্ধা নিহত…

ডুমডুমাৰ লংচোৱালত অগ্নিকাণ্ডৰ ঘটনা, বৃদ্ধা নিহত…

ডিজিটেল সংবাদ, তিনিচুকীয়া:- তিনিচুকীয়া জিলাৰ ডুমডুমা থানাৰ অন্তৰ্গত লংচোৱালত বুধবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । এই অগ্নিকাণ্ডত দুখন দোকান আৰু এটা বাসগৃহ ভষ্মীভূত হোৱাৰ লগতে অগ্নিৰ সংস্পৰ্শলৈ আহি এগৰাকী সত্তৰ উৰ্ধৰ বৃদ্ধা নিহত হয় ।

জানিব পৰা মতে যোৱা নিশা প্ৰায় ১২-৩০ বজাত সংঘটিত এই অগ্নিকাণ্ডৰ ফলত লংচোৱালৰ ৰাজকুমাৰ প্ৰসাদ কানু আৰু গণেশ প্ৰসাদৰ দোকান আৰু বাসগৃহ সম্পূৰ্ণ ভষ্মীভূত হয় । অগ্নিকাণ্ডত ৰাজকুমাৰ প্ৰসাদ কানুৰ বৃদ্ধা মাতৃ নিহত হয় । অগ্নিকাণ্ডৰ কাৰণ পোহৰলৈ অহা নাই ।

স্থানীয় লোকৰ ভাষ্য মতে ৰাজকুমাৰ কানুৰ বাসগৃহত প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটি পিচলৈ গণেশ প্ৰসাদৰ দোকান আৰু ঘৰলৈ জুই বিয়পে । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও ইতিপূৰ্বেই জুইয়ে দুয়োৰে ঘৰ আৰু দোকান ভষ্মীভূত কৰে ।

দুয়োটা পৰিয়ালৰ অন্যান্য সদস্যসকল নিৰাপদে ঘৰৰ বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় যদিও জুইৰ লেলিহান শিখাই আগুৰি ধৰাত বৃদ্ধাগৰাকীক বাহিৰলৈ আনিব পৰা নগ'ল । যাৰ বাবে কৰুণ মৃত্যুক সাৱটি ল'লে বৃদ্ধাগৰাকীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in