/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/9ebf04fd-b1a0-48e2-bfdc-a314372cbe2e/tyyy.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আঘোণ মাহ সোণগুটি চপোৱাৰ সময় ৷ এই আঘোণৰ পথাৰত বৰ্তমান সোনোৱালী ধান চপোৱাৰ নান্দনিক পৰিৱেশেৰে পৰিবেষ্টিত হৈ পৰিছে গাঁৱৰ পথাৰ সমূহ। গাঁৱৰ পথাৰে পথাৰে এটিয়া দাৱনীয়ে বিহু গীত গাই শালি ধান চপোৱাৰ দৃশ্য বিদ্যমান।
ৰাজ্যৰ অনান্য প্ৰান্তৰ দৰে বটদ্ৰৱাৰ নমাটি গাঁৱৰ পথাৰত মহিলা সকলে পৰম্পৰাগত আনন্দৰে ব্যস্ত হৈ পৰিছে আঘোণৰ সোণগুটি চপোৱাত। দাৱনী সকলে নিজৰ পথাৰত ধান কাটি চহকী অসমীয়া সংস্কৃতি ৰক্ষা কৰিছে।
উল্লেখ্য যে, বৰ্তমান সময়ত গ্ৰামাঞ্চলৰ বহু লোকে নিজৰ কৃষি কৰ্ম এৰি চহৰমুখী হোৱাৰ বিপৰীতে বটদ্ৰৱাৰ নমাটি গাঁৱত পুৰুষ মহিলা সকলে পৰম্পৰা ৰক্ষা কৰি স্বাৱলম্বী হোৱাৰ লগতে কৰ্মসংস্কৃতিৰ নিদৰ্শন দাঙি ধৰিছে।
আৰু পঢ়ক: বান্দৰদেৱাৰ বালিপুখুৰীত গাঁঠিৰ ধন ভাঙি ৰাইজে মেৰামতি কৰিলে পথ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us