বটদ্ৰৱাৰ দলংঘাটত “নতুন মডেল মহিলা মহাবিদ্যালয়”ৰ আধাৰশিলা স্থাপন…

বটদ্ৰৱাৰ দলংঘাটত “নতুন মডেল মহিলা মহাবিদ্যালয়”ৰ আধাৰশিলা স্থাপন…

author-image
asomiyapratidin
New Update
বটদ্ৰৱাৰ দলংঘাটত “নতুন মডেল মহিলা মহাবিদ্যালয়”ৰ আধাৰশিলা স্থাপন…

ডিজিটেল সংবাদ  বটদ্ৰৱাঃ বটদ্ৰৱা বিধান সভা সমষ্টিৰ দলংঘাটত সোমবাৰে  "নতুন মডেল মহিলা মহাবিদ্যালয়"ৰ আধাৰশিলা স্থাপন কৰা হয়। আধাৰশিলা অনুষ্ঠানত বন্তি প্ৰজ্বলন আৰু নাৰিকল ভাঙি শুভাৰম্ভণি কৰে বটদ্ৰৱাৰ বিধায়িকা শিৱামনি বৰাই।

২৪ কোটি ৩৫ লাখ টকা ব্যয়ৰে নিৰ্মাণ হবলগীয়া মহিলা মহাবিদ্যালয়খনে সমষ্টিটোৰ মহিলা সবলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি বিধায়িকা গৰাকীয়ে  জানিবলৈ দিয়ে। গড়কাপ্তানি গৃহ নিৰ্মান বিভাগৰ কাৰ্যবাহী অভিযন্ত্রা নিকুঞ্জ মোহন গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত আধাৰশিলা অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত  হোৱা সভাত অঞ্চলটোৰ দুই শতাধিক ৰাইজ উপস্থিত থাকে।

আৰু পঢ়ক : বিশিষ্ট শিক্ষাবিদ হেমচন্দ্ৰ বৰুৱা সন্ধানহীন…

sibamani bora batadraba