অসমৰ ইতিহাসত 'মিঞা'ৰ কোনো অস্তিত্ব নাই !

বিতৰ্কিত মিঞা মিউজিয়াম সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই সম্বোধন কৰে এক সংবাদমেল

author-image
Asomiya Pratidin
New Update
অসমৰ ইতিহাসত 'মিঞা'ৰ কোনো অস্তিত্ব নাই !

BASISTHA BJP PressMeet

ডিজিটেল ডেস্ক : বিতৰ্কিত মিঞা মিউজিয়াম সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই সম্বোধন কৰে এক সংবাদমেল। সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয় যে, মিঞা শব্দটো এটা সম্বোধন কৰা শব্দহে। সেই সম্বোধন কৰা শব্দটোৰে এটা জাতি কেতিয়াও হ'ব নোৱাৰে।

Advertisment

লগতে তেওঁ কয় যে, এই চিন্তা ধাৰাক কলিতেই পুলি পোখালিৰে মোহাৰি পেলাব লাগে। ইয়াৰ উপৰিও তেওঁ কয়, তেওঁলোকে আজি মিঞা মিউজিয়াম বিচাৰিছে, কাইলৈ অস্ত্র-শস্ত্রৰ কাৰখানা খুলিবলৈও চেষ্টা কৰিব।

অসমৰ জাতি-জনজাতিৰ কথা উল্লেখ কৰি তেওঁ কয়, অসমৰ ইতিহাস বুলিলে মিচিং, তিৱা, বৰ্মন, পাল আদিকহে বুজায়। অসমৰ ইতিহাসত মিঞাৰ কোনো অস্তিত্ব নাই।

ইপিনে কংগ্ৰেছ দলক কটাক্ষ কৰি ৰঞ্জীৱ কুমাৰ শৰ্মাই কয় যে, ‘কংগ্রেছ দলেহে মিঞাৰ জন্ম দিছিল’। দিছপুৰ-দিল্লীত বিজেপি থকালৈকে মিঞা মিউজিয়াম হ’ব নোৱোৰে আৰু কলাক্ষেত্র কৰ্তৃপক্ষই ইতিমধ্যে নাকচ কৰিছে মিঞা মিউজিয়ামৰ প্রস্তাৱ।

assam press meet miya museum bjp guwahati