মহাৰাষ্ট্ৰৰ ৰেষ্টুৰেণ্টত বিধ্বংসী অগ্নিকাণ্ড : গুৰুতৰভাৱে আহত ৪গৰাকী কৰ্মচাৰী...

মহাৰাষ্ট্ৰৰ ৰেষ্টুৰেণ্টত বিধ্বংসী অগ্নিকাণ্ড : গুৰুতৰভাৱে আহত ৪গৰাকী কৰ্মচাৰী...

ডিজিটেল ডেস্ক : মঙলবাৰে মহাৰাষ্ট্ৰৰ নালাচোপাৰা চহৰৰ এখন ৰেষ্টুৰেণ্টত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। নিমিষতে চানি ধৰা জুয়ে ৰেষ্টুৰেণ্টখনৰ আশে-পাশে থকা এক বিস্তৃত এলেকাত বিস্তৰ ক্ষতিসাধন কৰে।

ইয়াৰোপৰি অগ্নিকাণ্ডৰ ফলত ৪গৰাকী লোক গুৰুতৰভাৱে আহত হয়। ইতিমধ্যে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নমুৱাবলৈ চেষ্টা চলাই আছে।

আনহাতে উক্ত ঘটনাত আঘাতপ্ৰাপ্ত লোক কেইজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে উক্ত ঘটনাৰ পাচতে চলোৱা এক তদন্তৰ অন্তত অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত কেতবোৰ তথ্য পোহৰলৈ আহিছে।

তথ্য অনুসৰি ৰেষ্টুৰেণ্টখনৰ কাষতে থকা নলা বহল কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল হাইড্ৰ'লিক যন্ত্ৰ। দুৰ্ভাগ্যৱশতঃ সেই যন্ত্ৰৰ গেছ লিক হোৱাৰ ফলত জুইৰ সূত্ৰপাত হয়।

ফলত সেই জুয়ে নিমিষতে ৰেষ্টুৰেণ্টখনৰ লগতে আশে-পাশে থকা কেইবাটাও প্ৰতিষ্ঠানত জুই বিয়পি পৰে। অৱশ্যে উক্ত ঘটনা সন্দৰ্ভত এতিয়াও তদন্ত চলি থকাৰ কথা জানিব পৰা গৈছে।

মহাৰাষ্ট্ৰৰ ৰেষ্টুৰেণ্টত বিধ্বংসী অগ্নিকাণ্ড : গুৰুতৰভাৱে আহত ৪গৰাকী কৰ্মচাৰী...
লক্ষ্ণৌ-মুম্বাই ইণ্ডিয়ানছৰ মেচৰ পূৰ্বে ৰাম মন্দিৰত আকাশ আম্বানিৰ প্ৰাৰ্থনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in