৮৯ সংখ্যক বাৰোৱাৰী ৰাস মহোৎসৱৰ মুখপত্ৰ 'মুৰুলী' উন্মোচন...

৮৯ সংখ্যক বাৰোৱাৰী ৰাস মহোৎসৱৰ মুখপত্ৰ 'মুৰুলী' উন্মোচন...

author-image
Asomiya Pratidin
New Update
৮৯ সংখ্যক বাৰোৱাৰী ৰাস মহোৎসৱৰ মুখপত্ৰ 'মুৰুলী' উন্মোচন...

৮৯ সংখ্যক বাৰোৱাৰী ৰাস মহোৎসৱৰ মুখপত্ৰ 'মুৰুলী' উন্মোচন...

ডিজিটেল ডেস্কঃ মৃণ্ময় মূৰ্তিৰে শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা, ঘটনাৰাজিক উপস্থাপন কৰি নামনি অসমৰ নলবাৰী, পলাশবাৰী, বঙাইগাওঁ, পাঠশালা, ৰঙিয়া আদি অঞ্চলত জাকজমকতাৰে অনুষ্ঠিত কৰি আহিছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। নামনি অসমৰ এই ৰাস মহোৎসৱসমূহে ৰাজ্যজুৰি বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰতিবাৰেই নামনি অসমৰ ৰাস চাবলৈ সুঁত বৈছে হাজাৰ হাজাৰ দৰ্শকৰ।

Advertisment

নামনি অসমৰ ৰাসৰ ঐতিহ্যক ধৰি ৰখা তেনে এখন ৰাস মহোৎসৱ হৈছে ৰঙিয়াৰ তৰণীৰ বাৰোৱীৰ ৰাস মহোৎসৱ। সুদীৰ্ঘ ৮৮ বছৰ ধৰি ধাৰাবাহিকভাৱে ৰাস মহোৎসৱ উদযাপন কৰি অহা ৰঙিয়াৰ তৰণীৰ বাৰোৱাৰী ৰাস মহোৎসৱে এইবাৰ ৮৯ বছৰত ভৰি থৈছে।

২৬ ডিচেম্বৰৰ পৰা তৰণীৰ হৰি মন্দিৰ প্ৰাঙ্গণত ১১ দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হোৱা বাৰোৱাৰী ৰাস মহোৎসৱৰ লগত সংগতি উদযাপন সমিতিয়ে প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰি উলিয়াইছে এখন সৰ্বাংগ সুন্দৰ মুখপত্ৰ।

'মুৰুলী' শীৰ্ষক এই মুখপত্ৰখন ৪ ডিচেম্বৰ, সোমবাৰে সন্ধিয়া ৰাস মহোৎসৱস্থলীত থকা উদযাপন সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ত আনুষ্ঠানিকভাৱে উন্মোচিত কৰা হয়। মুখপত্ৰ 'মুৰুলী' উন্মোচন কৰে ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ গজেন্দ্ৰ শইকীয়াই।

মুখপত্ৰ 'মুৰুলী' উন্মোচনৰ দৃশ্য
মুখপত্ৰ 'মুৰুলী' উন্মোচনৰ দৃশ্য

এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সমাজৰত্ন দীনমণি বৰভাণ্ডাৰ কায়স্থ, যোৰহাট চৰকাৰী বহুমুখী উচ্চতৰ বালক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মৃণাল কুমাৰ ভূঞা, অসম সাহিত্য সভাৰ ৰাজ্য ভাষা আৰু কেন্দ্ৰীয় ভাষা সংৰক্ষণ সমিতিৰ আহ্বায়ক হেমন্ত কলিতা আদি।

ইয়াৰোপৰি অনুষ্ঠানত উপস্থিত থাকে ৰাস মহোৎসৱৰ কৰ্মকৰ্তাসকলো। মুখপত্ৰ 'মুৰুলী'ৰ সভাপতি শুক্লেশ্বৰ কলিতা আৰু সম্পাদক ভাস্কৰ কলিতা।

Also Read: বিপদৰ সময়ত দল এৰি বিদেশ ভ্ৰমণৰ বাবে সাজু ৰাহুল গান্ধী...

ৰঙিয়া ৰাস