বিশিষ্ট ক্রীড়া প্রশিক্ষক নিপন দাসলৈ ২০২৪ ৰ ইউনাইটেড বঁটা..

বিশিষ্ট ক্রীড়া প্রশিক্ষক নিপন দাসলৈ ২০২৪ ৰ ইউনাইটেড বঁটা..

author-image
Asomiya Pratidin
New Update
বিশিষ্ট ক্রীড়া প্রশিক্ষক নিপন দাসলৈ ২০২৪ ৰ ইউনাইটেড বঁটা..

ডিজিটেল সংবাদ,পাটাছাৰকুছিঃ বিশিষ্ট ক্রীড়া প্রশিক্ষক বজালীৰ সু সন্তান নিপন দাসক বুধবাৰে প্ৰদান কৰা হ'ব ইউনাইটেড বঁটা ২০২৪৷ উক্ত বঁটাৰ লগত আছে অভিনন্দন পত্র, শৰাই, স্মাৰক, গামোচা, চেলেং-চাদৰ, জাপি, গ্ৰন্থৰ টোপোলা আৰু নগদ এক লাখ টকা। ক্লাবৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰী কৰিছে ক্লাবৰ বিষয়ববীয়া,সদস্যসকলে।

Advertisment

বজালীৰ কেন্দুগুৰিস্থিত ইউনাইটেড ক্লাবে ২০ মে'ৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে ইউনাইটেড সন্ধিয়া। ক্লাবটোৱে প্ৰতি বছৰে এই অনুষ্ঠানতে অসমৰ সামাজিক,সাংস্কৃতিক, ক্রীড়া, চিকিৎসা, ঔদ্যোগিক ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই অহা বৰেণ্য ব্যক্তিক প্ৰদান কৰি আহিছে ইউনাইটেড ক্লাবৰ সর্বোচ্চ সন্মান ইউনাইটেড বঁটা।

আজি সন্ধিয়া প্রদান কৰা হ'ব এই বঁটা। সংবাদমেলত ক্লাবৰ বিষয়ববীয়া মৃদুল তালুকদাৰ, সমীৰণ তালুকদাৰ, মনোজ পাটগিৰি, নিখিল বর্মন, প্রদ্যুৎ তালুকদাৰ, চম্পক তালুকদাৰ, গৌতম-পাটগিৰিয়ে জানিবলৈ দিয়া মতে চাৰিদিনীয়া কাৰ্যসূচীৰ অংশ হিচাপে পতাকা উত্তোলন, বন্তি প্রজ্বলন, ছহিদ তর্পণ, সতীর্থ স্মৰণ, বৃক্ষৰোপণ, সজাগতা সভা আৰু বঁটা প্রদান অনুষ্ঠানৰ পিচতে সাংস্কৃতিক অনুষ্ঠানত আচুর্য বৰপাত্ৰ আৰু বিছা ভৰদ্বাজে সংগীত পৰিবেশন কৰে।

পিচদিনা দিনজোৰা কাৰ্যসূচীৰ লগতে সন্ধিয়া জনপ্রিয় কণ্ঠশিল্পী প্রিয়ংকা ভৰালী আৰু নীল আকাশে সংগীতানুষ্ঠান পৰিবেশন কৰে৷। ২২মে'ত সংগীত পৰিবেশন কৰিব জুবিন গাৰ্গে৷এই বৰ্ষৰ ইউনাইটেড বঁটাৰ বাবে নিৰ্বাচিত নিপন দাস পাঠশালাৰ বাসিন্দা তথা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যান সঞ্চালকৰ শাৰিৰীক নিৰ্দেশক হিচাপে কৰ্মৰত৷ প্ৰাক্তন এথলেটিকচৰ ৰাষ্ট্রীয় প্রতিযোগিতাত জেভেলিন থ্ৰোত পদক প্ৰাপ্ত প্রাক্তন ৰাষ্ট্রীয় কাবাডী খেলুৱৈ।

অসম এথলেটিকছ সন্থাৰ বর্তমানৰ জ্যেষ্ঠ যুটীয়া সম্পাদক নিপন দাসে ২০০৭ চনৰ পৰা ভাৰতবর্ষত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় এথলেটিকছ প্রতিযোগিতাত টেকনিকেল অফিচিয়েল হিচাপে কার্যনির্বাহ কৰিছে৷

তেওঁ ২০১০ চনত দিল্লীত হোৱা কমলৱেলথ গেমছ আৰু ২০১৮ চনৰ জাকাৰটাত হোৱা এছিয়ান গেমছতো উপস্থিত আছিল৷২০১৩ চনত অষ্ট্ৰেলিয়াত হোৱা এছিয়ান পেচিফিক গেমছত অংশগ্রহন কৰা দাসে।২০২৪ চনৰ জানুৱাৰীত বাংলাদেশৰ ঢাকাত হোৱা আন্তঃৰাষ্ট্রীয় মাৰাথনত টেকনিকেল অফিচিয়েল হিচাবে অংশ গ্রহণ কৰে৷

ভাৰতবর্ষত অনষ্ঠিত (২০০৭ ৰ পৰা ২০১১চনলৈ) ৰাষ্ট্রীয় গেমছ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা তথা প্রতিখন খেলো ইণ্ডিয়া গেমছ আৰু খেলো ইণ্ডিয়াৰ ইউনিভাৰচিটি গেমছত টেকনিকেল অফিচিয়েল হিচাবে অংশগ্রহণ কৰি আহিছে৷

ধিং এক্সপ্রেছ হিমা দাস, ভাৰতবর্ষৰ দ্রুততম মানৱ হিচাপে পৰিগনিত হোৱা অম্লান বৰগোহাই আৰু আন্তঃৰাষ্ট্রীয় এথলেটিকচত ১৫০০ মিটাৰত ব্রঞ্জৰ পদক লাভ কৰা মেহদি হাছানৰো প্রথম প্রশিক্ষক নিপন দাস।

২০১৯ চনত হিমা দাসৰ প্রশিক্ষক হিচাপে মুখ্যমন্ত্রীৰ বিশেষ ক্রীড়া বঁটাও লাভ কৰিছে দাসে ৷ ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙনিৰ বাবেই বজালীৰ সন্তান গৰাকীক আজি পাঠশালাৰ কেণ্দুগুৰীত এই বঁটা প্ৰদান কৰিব৷

Also Read: মন্ত্ৰীৰ নামত ধন লৈ গ্ৰেপ্তাৰ প্ৰৱঞ্চক কিছমত আলী..

united award 2024 nipan das bajali