/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-14/3g3nct37/9031c733-eea4-4692-b5e3-bb7914a63193.jpg)
ডিজিটেল সংবাদ, পাটাছাৰকুছি : পাটাছাৰকুছি বিদ্যাপীঠৰ প্রাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ উদ্যোগত বিদ্যালয়খনত শনিবাৰে বিজ্ঞানসন্মতভাৱে ছাগলী পালনৰ এক দিনজোৰা প্ৰশিক্ষণ সম্পন্ন কৰা হয় ৷ গ্রাম্য অর্থনীতিত ছাগলী পালনৰ ভূমিকাক মূল বিষয় বস্তু হিচাপে লৈ কৰা আৰু বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰছাত্ৰী সন্মিলনিৰ পাৰদৰ্শিতা বিকাশ বিভাগৰ দ্বাৰা আয়োজন কৰা এই প্ৰশিক্ষণত অঞ্চলটোৰ ৪০ গৰাকী উৎসাহিত পুৰুষ মহিলাই অংশ গ্ৰহণ কৰে ।
এই কাৰ্যসূচীত কৃষি বিজ্ঞান কেন্দ্ৰ, বৰপেটাৰ কাৰ্যসূচী সহায়ক তথা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ডাঃ দিলীপ কুমাৰ দেৱ চৌধুৰী আৰু পশু চিকিৎসা বিষয়া ডাঃ কল্যাণ চৌধুৰীয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। ডাঃ দিলীপ কুমাৰ দেৱ চৌধুৰীয়ে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ লগতে কম কষ্টেৰে উপাৰ্জনৰ উৎস হিচাপে ছাগলী পালনৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিশদভাৱে ব্যাখ্যা কৰে।
তেওঁ কয় যে বিজ্ঞানসন্মত কাৰিকৰী জ্ঞানেৰেহে সচা অৰ্থত ছাগলী পালনত সফল হ'ব পাৰি। তেওঁ আৱাসিক এলেকাত ছাগলীৰ খাদ্যৰ বাবে কেনেকৈ ‘সুবা বুল’ নামৰ অধিক পুষ্টিকৰ গছ ৰোপণ কৰিব পাৰি সেই বিষয়ে বুজাই দিয়ে।
তেওঁ উৎসাহী অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে ৷ কোনটো জাতৰ ছাগলী অধিক লাভজনক আৰু এজন কৃষকে কেনেকৈ টিকাকৰণৰ লগতে পেলুৰ দৰৱ খুৱাই যত্ন ল’ব লাগে আৰু ছাগলীৰ অন্যান্য ৰোগৰ বাবে সচেতন হ’ব লাগে সেয়াও সুন্দৰকৈ বুজাই দিয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-14/0xe0zh9f/5be968aa-e3f3-4e45-81d0-0a293ccf712a.jpg)
আন এগৰাকী সমল ব্যক্তি ডাঃ কল্যাণ চৌধুৰীয়ে বিজ্ঞানসন্মত উপায়ে ছাগলী পালনৰ বিষয়ে বিতংভাৱে ব্যাখ্যা দাঙি ধৰে। প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ সঞ্চালক প্ৰধান কৈলাশ চন্দ্ৰ ৰায়েও প্ৰশিক্ষাৰ্থী কৃষকৰ সৈতে মত বিনিময় কৰে।
আৰম্ভণিতে প্ৰাক্তন ছাত্ৰ হীৰেন্দ্ৰ নাথ শৰ্মাই আদৰণি অনুষ্ঠানৰ আঁত ধৰে ৷ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ সচিব (যোগাযোগ) প্ৰসন্ন কুমাৰ শৰ্মা, অতিথি সঞ্চালক শ্ৰীপদ চৌধুৰী, ক্ষেত্ৰীয় সঞ্চালক হেমন্ত কুমাৰ কলিতা, উপ সচিব নিতুল শৰ্মা, আন্ত গাঠনি উন্নয়ন সমিতিৰ সম্পাদক অনুজ শৰ্মা, ডিম্বেশ্বৰ শৰ্মাই আদিয়ে উপস্থিত থাকি প্ৰশিক্ষণ সফল কৰি তোলাত সহযোগিতা আগবঢ়ায় ৷
Also Read: ৰাষ্ট্ৰীয় জুনিয়ৰ টাইকোৱাণ্ডোত বেকাজানৰ দুগৰাকী খেলুৱৈৰ পদক অৰ্জন