ৰাষ্ট্ৰীয় জুনিয়ৰ টাইকোৱাণ্ডোত বেকাজানৰ দুগৰাকী খেলুৱৈৰ পদক অৰ্জন

ৰাষ্ট্ৰীয় জুনিয়ৰ টাইকোৱাণ্ডোত বেকাজানৰ দুগৰাকী খেলুৱৈৰ পদক অৰ্জন

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় জুনিয়ৰ টাইকোৱাণ্ডোত বেকাজানৰ দুগৰাকী খেলুৱৈৰ পদক অৰ্জন

ডিজিটেল সংবাদ,বেকাজান : উত্তৰ প্ৰদেশৰ আগ্ৰাত যোৱা ৮ ছেপ্টেম্বৰৰ পৰা দহ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হৈছিল ৪১ সংখ্যক ৰাষ্ট্ৰীয় জুনিয় আৰু চাব-জুনিয়ৰ ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ। এই প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰি তিতাবৰৰ বেকাজান টাইকোৱাণ্ডো একাডেমী বৃষ্টি গগৈ আৰু প্ৰিয়ংকা গগৈ ৰূপ আৰু ব্ৰঞ্জ পদক অৰ্জন কৰি অঞলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

Advertisment

উত্তৰ প্ৰদেশৰ আগ্ৰাৰ ছিকিন্দ্ৰাবাদৰ হলি পাব্লিক স্কুলত উত্তৰ প্ৰদেশ টাইকোৱাণ্ডো এছচিয়েচনে অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় জুনিয়ৰ আৰু চাব জুনিয়ৰ টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত ৩৮ কেজিৰ শাখাত বৃষ্টি গগৈ উত্তৰাখণ্ড, ৰাজস্থান, পশ্চিম বংগপৰাজিত কৰি ফাইনেলত টেলেংগনাৰ লগত পৰাজিত হৈ ৰূপ পদক অৰ্জন কৰে ।

আনহাতে ৩২ কেজিৰ চাব জুনিয়ৰ শাখাত প্ৰিয়ংকা গগৈয়ে -উত্তৰ প্ৰদেশ, অন্ধপ্ৰেদশ, নতুন দিল্লীক পৰাজিত কৰি টেলেংগনাৰ লগত পৰাজিত হৈ ব্ৰঞ্জ পদক লাভ কৰে । আজি পুৱাত দুগৰাকী খেলুৱৈৱে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক অৰ্জন কৰি বেকাজানত উপস্থিত হোৱাৰ লগে লগে বেকাজানবাসী ৰাইজে দুয়োগৰাকী ৰাজপথৰ পৰা আদৰি নি বিপুল সম্বৰ্ধনা জনায়।

Also Read: লখিমপুৰৰ বিশিষ্ট সাংবাদিক সুৰজিৎ ভূঞাৰ স্মৃতিত বিভিন্ন দল-সংগঠনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

bekajan