SCERT কেলেংকাৰী, গ্ৰেপ্তাৰ সোনমণি নাথ...

SCERT কেলেংকাৰী, গ্ৰেপ্তাৰ সোনমণি নাথ...

SCERT কেলেংকাৰীৰ অভিযোগত ইজনৰ পিছত পৰিছে চিএম ভিজিলেঞ্চৰ জালত । বৃহস্পতিবাৰে পুনৰ এগৰাকী DIET কৰ্মচাৰী হৈছে গ্ৰেপ্তাৰ ।

ডিজিটেল ডেস্কঃ SCERT কেলেংকাৰীৰ অভিযোগত ইজনৰ পিছত পৰিছে চিএম ভিজিলেঞ্চৰ জালত । বৃহস্পতিবাৰে পুনৰ এগৰাকী DIET কৰ্মচাৰী হৈছে গ্ৰেপ্তাৰ । গ্ৰেপ্তাৰ হোৱা অভিযুক্তগৰাকী হৈছে সোনমণি নাথ । সোনমণি হৈছে হাউলীৰ ডাইট কৰ্মচাৰী । পুৱা চি এম ভিজিলেঞ্চত হাজিৰ হৈছিল সোনমণি ।

তথ্য অনুসৰি শেৱালি দেৱীক ব্লেক মেইল কৰি ২ লাখ টকা লৈছিল অভিযুক্ত সোণমণিয়ে । SCERT কেলেংকাৰী সন্দৰ্ভত মনোজ দাসকো জেৰা অব্যাহত ৰাখিছে চিএম ভিজিলেঞ্চে । উল্লেখ্য যে ইয়াৰ পূৰ্বেই এই কেলেংকাৰীত জড়িত দুগৰাকী সংবাদকৰ্মীসহ মুঠ ৪ গৰাকীক গ্ৰেপ্তাৰ কৰিছে চিএম ভিজিলেঞ্চে ।

SCERT কেলেংকাৰী, গ্ৰেপ্তাৰ সোনমণি নাথ...
সেউজ পৰিৱেশ পুনৰ উদ্ধাৰৰ লক্ষ্যৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বাক্সা বন বিভাগে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in