সৰভোগত শ শ নৈপৰীয়া ৰাইজৰ প্ৰতিবাদ

সৰভোগত শ শ নৈপৰীয়া ৰাইজৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
সৰভোগত শ শ নৈপৰীয়া ৰাইজৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, সৰভোগঃ সৰভোগৰ বেকী নদীৰ গৰাখহনীয়াই ক্ষতিগ্ৰস্ত কৰা শ শ নৈপৰীয়া লোক দেওবাৰে উলাই আহিল ৰাজপথলৈ। "গৰাখহনীয়া ৰোধ কৰিব লাগিব", "আমাক নদী বান্ধ লাগিব" আদি শ্লোগানেৰে খহনীয়া ৰোধৰ বাবে চলি থকা নদীবান্ধৰ কামৰ বিৰোধিতা কৰা লোকসকলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে খহনীয়াগ্ৰস্ত শ শ পুৰুষ-মহিলাই।

Advertisment

জানিব পৰামতে, সৰভোগৰ বেকী দলংৰ কাষতে কিছু দুষ্ট চক্ৰই মুনাফা লাভৰ বাবে নদীবান্ধৰ কামৰ বিৰোধিতা কৰি আছে। মুটা অংকৰ ধন নিদিলে তেওঁলোকে নিৰ্মাণ কাৰ্যৰ বিৰোধিতা কৰি কাম বন্ধ কৰে বুলিও জানিব দিয়ে স্থানীয় ৰাইজে।

উল্লেখ্য যে, নৈ পৰীয়া ৰাইজে নিজৰ গাঠিৰ ধনেৰে গৰাখহনীয়া ৰোধৰ বাবে নদী বান্ধৰ কাম হাতত লৈছিল যদিও কিছু দুষ্টচক্ৰৰ হস্তক্ষেপত সেই কাম স্থগিত ৰাখিবলগীয়া হৈছে। সৰভোগৰ আমবাৰী, কেতেকীবাৰী, বালাভিঠা, ভালুকী, জশিহাটী আদি বহুকেইখন গাঁও বেকী নদীৰ গৰাখহনীয়া কৱলত পৰে।

উক্ত গাওঁ সমূহৰ স্থানীয় ৰাইজে গৰাখহনীয়া ৰোধৰ বাবে নদীৰ বান্ধৰ কামত তেওঁলোকক সহায়-সহযোগিতা কৰিবলৈ অসম চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে।

Also Read: কামপুৰ আৰু কচুৱাত বিজেপি কৰ্মীৰ বিজয় উৎসৱ উদযাপন

sarabhog