তীব্ৰ বেগী বাছৰ তলত সোমাল বাইকঃ থিতাতে নিহত দুই কিশোৰ...

বৰপেটাৰোডত বাছৰ তলত সোমাল বাইকঃ থিতাতে নিহত দুই কিশোৰ...
বৰপেটাৰোডত বাছৰ তলত সোমাল বাইকঃ থিতাতে নিহত দুই কিশোৰ...

ডিজিটেল ডেস্কঃ শনিবাৰে পুৱাই জামুগুৰিহাটত এক পথ দুৰ্ঘটনাত এগৰাকী ছাত্ৰৰ মৃত্যু হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ আন দুৰ্ঘটনা সংঘটিত হ'ল বৰপেটাৰোডত। এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজনকৈ কিশোৰে।

জানিবপৰা মতে বৰপেটাৰোডত এখন যাত্ৰীবাহী আল্ট্ৰা বাছতে এখন মটৰচাইকেলক মহটিয়াই নিয়ে। ফলচ থিতাতে নিহত হয় আবেদ আলী আৰু মনোৱাৰ আলী নামৰ দুজনকৈ কিশোৰ।

বৰপেটাৰোডৰ দহ মাইলৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা সংঘটিত কৰা গুৱাহাটী অভিমুখী কৰণদীপ নামৰ এই বাছখনৰ নম্বৰ এ এছ১৪ এচি ০৩১৫ । স্থানীয় লোকৰ অভিযোগ বাছখনৰ চালকে তীব্ৰ বেগেৰে চলোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ'ল। এই দুৰ্ঘটনাৰ পাছতেই পথছোৱাত শীঘ্ৰেই বাছৰ অতপালি হ্ৰাস কৰিবলৈও দাবী উত্থাপন হৈছে।

উল্লেখ্য শনিবাৰে পুৱা জামুগুৰিহাটত আন এক পথ দুৰ্ঘটনাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ নিহত হৈছিল। এখন ডাম্পাৰত ডিব্ৰুগড়ৰ পৰা মংগলদৈ অভিমুখে আহি থকা ছুইফট ডিজায়াৰ বাহনে খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হৈছিল।

দুৰ্ঘতনাত থিতাতে নিহত হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ২২ বছৰীয়া লুকু শৰ্মা। আনহাতে আহত হয় ক্ৰমে অৰিন্দম শৰ্মা, ভুমিতা ভট্টাচাৰ্য, গীতাঞ্জলি শৰ্মা আৰু কুশল ডেকা৷ তেওঁলোক আটাইকে তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

বৰপেটাৰোডত বাছৰ তলত সোমাল বাইকঃ থিতাতে নিহত দুই কিশোৰ...
'ভাল' নে 'বেয়া' বুলি কওঁ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in