'ভাল' নে 'বেয়া' বুলি কওঁ...

'ভাল' নে 'বেয়া' বুলি কওঁ...
'ভাল' নে 'বেয়া' বুলি কওঁ...

মৃদুল কুমাৰ সন্দিকৈ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰাৰ বহু অৱকাশ আছে। ক্ষীপ্ৰ আৰু দ্ৰুত গতিত কাম কৰাৰ তেখেতৰ মানসিকতাই বহু জনতাৰ হৃদয় জিনিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ বহু সিদ্ধান্ত দেখিলে এনে লাগে সাধাৰণ মানুহৰ কথা তেওঁ সাধাৰণ মানুহৰ দৰেই উপলব্ধি কৰিব পাৰে।

কেবিনেটত লোৱা প্ৰায়বোৰ সিদ্ধান্তই সেয়ে সময় সাপেক্ষ আৰু জনমুখী হয়। প্ৰশাসনৰ দায়িত্বত নিয়োজিত বিষয়া, কৰ্মচাৰীক এ চি কোঠাত তেওঁ বহাই থ'ব নিবিচাৰে। মুখ্যমন্ত্ৰীৰ এটা ইছাৰাত সকলো কাম হ'ব লাগিব জাতীয় এক পৰিৱেশ তেওঁ গঢ় দি লৈছে।

ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উদ্যোগ আৰু জনমুখী নীতিক বিৰোধীয়ে সমালোচনা কৰিব পাৰে, কিন্তু সাধাৰণ লোকে ৰাজনৈতিক দৃষ্টি কোণেৰে সেই বিচাৰ নকৰে। সেয়েহে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা সাধাৰণ লোকৰ মাজত ইমান জনপ্ৰিয়।

ক্ষমতা কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেই কথা জানিও কেতিয়াবা মুখ্যমন্ত্ৰীয়ে এই দিশত ভুল কৰি পেলাই নেকি? কাৰোবাৰ প্ৰতি অগাধ আন্তৰিকাত আৰু বিশ্বাসযোগ্যতা লগতে 'মই যি ভাবো কৰিমেই' ধৰণৰ মানসিকতাই তেওঁৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে নেকি?

ৰাজহুৱা ধন আৰু সময় অপব্যয়, ৰাইজৰ স্বাৰ্থ, সমাজ কল্যাণমুখী আঁচনি আদি সকলোখিনিৰ প্ৰতি তেওঁ সজাগ, সচেতন। কিন্তু সেই কামবোৰৰ মাজত তেওঁ আন কিছু কাম বা স্থিতিয়ে তেওঁৰেই সিদ্ধান্তৰ বিপৰীত অৱস্থানত যেন থাকে।

ধৰিব নোৱাৰাকৈ কৰা অত্যাধিক প্ৰচাৰ আৰু তেনে প্ৰৱণতাই তেওঁৰ ভাৱমূৰ্তিত আঘাত হনা যেনো বোধ হয়। এটা টকা নিদিয়াকৈ ৰাজ্যৰ লাখা লাখ নিবনুৱাক চাকৰি দিছে। সেই প্ৰতিশ্ৰুতি তেওঁ ৰাখিছে। কিন্তু সেই চাকৰিৰ নিযুক্তি পত্ৰ বিলাবলৈ হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ থকা চৰকাৰখনেই শ শ কোটি টকা ব্যয়ৰে অনুষ্ঠান পাতি ঢাক-ঢোলো বজাইছে।

এতিয়া প্ৰতিটো বিভাগ কিমান সক্ৰিয়? কিহৰ বাবে আৰক্ষীৰ হাজাৰ হাজাৰ বিষয়া, জোৱানক একে দিনাই ৰদ, বদল কৰিবলগীয়া হৈছে? মণ্ডল বা আন ঘোচখোৰ একাংশ বিষয়াক হুমকি দি জানো দুৰ্নীতিৰ পৰা আঁতৰাই ৰাখিব পাৰিছে?

এইবোৰ দৃষ্টি কোণেৰে এক সুস্থ আৰু সৱল প্ৰশাসন গঢ়াত মুখ্যমন্ত্ৰী সফল হৈছে বুলি ক'ব পাৰি জানো? এ এছ টি চিৰ পৰা আৰম্ভ কৰি সমবায় চাউললৈকে সংঘটিত হোৱা কোটি কোটি টকাৰ দুৰ্নীতি প্ৰতিৰোধৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত বা ৰাজহুৱা সভাত ডাঙৰ ডাঙৰ কথা ক'লেও সেইবোৰ ঘটনা ঘটিয়েই আছে।

মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চে দুৰ্নীতিগ্ৰস্ত বিষয়াক আটক কৰিছে। সেই ঘটনা ধাৰাবাহিকভাৱে ঘটিছে। ইটোৰ পাছত সিটো তদন্ত চি বি আইক দিবলৈ অভিযোগ উঠিছে। আৰক্ষী বিভাগত কৰ্ম কাণ্ডই আৰক্ষী সঞ্চালক প্ৰধানকেই চিন্তিত কৰি তুলিছে।

থানাৰ পৰা OC পলোৱাৰ ঘটনা ঘটিল, জে'লৰ পৰা কয়দি পলাইছে, অপৰাধজনিত ঘটনা বাঢ়ি গৈ আছে। ছিণ্ডিকেট বন্ধ কৰিম বুলি কোৱা মুখ্যমন্ত্ৰীয়ে হয়তো এই কথাও গম পাইছে যে, ছিণ্ডিকেট বন্ধ নহয়, চলিয়েই আছে। কেৱল সলনি হৈছে মানুহ।

মূল্যবৃদ্ধি নিয়ন্ত্ৰণত বিফল হৈছে। বজাৰলৈ গৈ মানুহৰ অৱস্থা কাহিল হৈ পৰিছে। সেইবোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা ভূমিকা জানো কিবা ফল ধৰিছে? এদিন মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলিছিল, ৰাজ্যজুৰি দালাল বোৰক আটক কৰা হৈছিল। কিন্তু সেই মাটিৰ দালালিৰে জড়িত দালালবোৰ এতিয়া পূৰ্বতকৈ অধিক সক্ৰিয় হৈ উঠিছে।

কাজিৰঙা, সোণাপুৰ, জাগীৰোডত মাটিৰ দালালৰ ভয়ানক উত্থান হৈছে। এইবোৰ এজন শক্তিশালী আৰু ক্ষমতাবান মুখ্যমন্ত্ৰীৰ থকাৰ পাছতো কিয় হ'বলৈ পাইছে? এনে হৈছে নেকি যে, মুখ্যমন্ত্ৰীয়ে সকলো ক্ষমতা নিজৰ হাতত ৰখোৱাৰ বাবে কাৰোবাৰ ইচ্ছা থাকিলেও এইবোৰ দিশত চকু দিবলৈ সুযোগ পোৱা নাই বা সুবিধা দিয়া হোৱা নাই !

দীঘলীপুখুৰী লীজত দিয়া হ'ল বহিৰাগত বণিয়াক। মাত মাতিবলগীয়া হৈছে মুখ্যমন্ত্ৰীয়ে। তিনি গগৈয়ে এখন ফটো উঠালে, বিজেপি নেতা, মন্ত্ৰীয়ে তাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। সেই প্ৰতিক্ৰিয়াৰ উত্তৰ দিবলগীয়া হৈছে মুখ্যমন্ত্ৰীয়ে।

বিজেপিৰ সভাত লবীবাদ চলিছে। পুৰণি বিজেপিক এলাগী কৰা হৈছে। দলৰ বাবে দীৰ্ঘদিন নিঃস্বাৰ্থ ভাৱে কাম কৰা জ্যেষ্ঠ পুৰণি নেতাই উপলব্ধি কৰিছে ন বিজেপিৰ উত্থানৰ কথা। তাক লৈ দলীয় মজিয়াত অসন্তুোষ সৃষ্টি হৈছে। সেই বিবাদো সমাধানৰ বাবে মুখ্যমন্ত্ৰী আগবাঢ়ি আহিবলগীয়া হৈছে।

সকলো ঘোষণা, সকলো কাম কেৱল মুখ্যমন্ত্ৰীয়ে কৰিব বিচৰাতো এক ডাঙৰ ভুল হোৱা নাইনে? হিতাধিকাৰীৰ পাছত হিতাধিকাৰী সৃষ্টি কৰি গৈছে। নতুনকৈ ৭ লাখ অৰুণোদয় হিতাধিকাৰী সৃষ্টি কৰিলে সেই বোজাও মুখ্যমন্ত্ৰীয়েই ল'ব লাগিব এদিন।

গাঁৱৰ মানুহে এতিয়া খেতি কৰাৰ অভ্যাস এৰি পেলাইছে। চৰকাৰৰ পৰা বিনামূলীয়া চাউল পাইছে, ধন দিছে আঁচনিৰ জৰিয়তে। উৎপাদনমুখীতা এতিয়া নোহোৱাৰ দৰেই। আগতে প্ৰতিঘৰ মানুহেই খেতি কৰিছিল নিজক স্বাৱলম্বী কৰিবলৈ।

এতিয়া মানুহে খেতি কৰে অকল ব্যৱসায়ৰ স্বাৰ্থত। সেইবোৰৰ ফল জানো পলমকৈ হ'লেও এদিন ৰাজ্যবাসীয়ে ভোগ নকৰিবনে? উন্নয়নৰ কাম হ'ব লাগে। কিন্তু উন্নয়নৰ নামত ধ্বংস যজ্ঞ হোৱাতো উচিত নহয়।

প্ৰকৃতিৰ ভাৰাসাম্য কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ১ কোটি গছ পুলি ৰোপণৰ কথা ঘোষণা কৰিছিল। গান্ধী জয়ন্তীত সেই কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছিল। কিন্তু সমান্তৰালকৈ চলিছে বাট, পথ সম্প্ৰসাৰণৰ নামত হাজাৰ হাজাৰ গছৰ বন ধ্বংসৰ অভিযান। তাৰ শেহতীয়া উদাহৰণ কৃষ্ণাইৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণৰ বাবে ৮ হাজাৰ শাল গছ কটাৰ অনুমতি।

বিধানসভাৰ চৌহদৰ মাজতেই পাৰ্ক নিৰ্মাণৰ বাবে গছ নিৰ্বিচাৰে কটা হৈছে। শাসকীয় দলৰ বিধায়কেই সেইবোৰ দৃশ্য দেখি মাত মাতিছে। তেনে মুখ্যমন্ত্ৰীৰ এক কোটি গছপুলি ৰোৱাৰ সপোন কেৱল বিশ্ব অভিলেখ গঢ়াৰ ইচ্ছাহে নেকি?

যদি সঁচাকৈয়ে পৰিৱেশক লৈ তেওঁ সচেতন, বন ধ্বংসক লৈ তেওঁ সজাগ তেনে এইবোৰ কাম কিয় চকুৰ সন্মুখতে কৰি থাকিবলৈ দিছে। ইটোৰ পাছত সিটো নিৰ্মাণৰ বাবে পুৰণি কাৰ্যালয় ভৱন ধ্বংস কৰা হৈছে। কাছাৰী ঘাটত থকা উপায়ুক্ত কাৰ্যালয়কে ধৰি ভৱনসমূহ ভাঙি পেলোৱা হ'ল।

যুক্তি গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধন কৰা। একেদৰে যানজঁট বা অত্যাধিক জনসমাগমৰ পৰা হাত সাৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰকৰণ আদি কামবোৰ ইমান খৰতকীয়া কৈ কৰা হৈছে যে, সেইবোৰতো প্ৰশ্ন ৰৈ গৈছে।

মানুহৰ মূৰত কৰৰ বোজা জাপি দিয়া হৈছে। পৌৰ কৰ বৃদ্ধি কৰিছে, বিদ্যুতৰ মাচুল বৃদ্ধি হৈ গৈ আছে। ঋণৰ বিকল্প নাইকিয়া হৈছে। তাৰ পাছতো ৰাজকোষৰ ধন সৰাধ কৰাৰ প্ৰতিযোগিতাত মুখ্যমন্ত্ৰী নামি পৰিছে।

যি সময়ত ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ বাবে আন্তঃগাঁথনি, পঠন সামগ্ৰী আদি দিয়াৰ প্ৰয়োজন সেই সময়ত চাইকেল, স্কুটী, বাইক দিয়াৰ সিদ্ধান্ত লৈছে। ৰবীন্দ্ৰ ভৱন মেৰামতিৰ বাবে প্ৰচুৰ ধন ব্যয় কৰা হৈছে। কিন্তু সেই ধন ব্যয়ৰ পাছতো ৰবীন্দ্ৰ ভৱন ভাঙি নতুনকৈ আন এটা ৰবীন্দ্ৰ ভৱন নিৰ্মাণৰ প্ৰক্ৰিয়া চলি আছে।

ৰবীন্দ্ৰ ভৱন কেৱল মেৰামতিৰ নামতে ৯ কোটি টকা ব্যয় কৰা হৈছিল। শেহতীয়াকৈ গুৱাহাটী জিয়া পুথিভঁৰালো ভাঙি পলোৱা হ'ব। সেই ভৱনো ভাঙি পেলোৱা হ'ব। সেই ঠাইত ৬০ কোটি ব্যয়ৰে ১০ মহলীয়া ভৱন নিৰ্মাণ হ'ব।

লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাৰ (গৃহ) নিৰ্দেশ ক্ৰমে কাৰ্যবাহী অভিযন্তাই জিলা পুথিভঁৰাল সঞ্চালকলৈ পত্ৰ প্ৰেৰণ কৰিছে। প্ৰশ্ন উঠিছে কিছু দিনৰ পূৰ্বে ৮ কোটি কোটি টকা ব্যয়ৰে গুৱাহাটী জিলা পুথিভঁৰাল মেৰামতি কৰা হৈছিল।

সেই ধন ব্যয়ৰ পাছত এতিয়া গুৱাহাটী জিলা পুথিভঁৰালেই ভাঙি পেলাব বুলি চৰকাৰে লোৱা সিদ্ধান্তত পুথিভঁৰাল সেৱাৰ বিষয়া, কৰ্মচাৰীয়েই আচৰিত হৈছে। ৰাজ্যত জিলা পুথি ভঁৰাল আৰু গ্ৰাম্য পুথি ভঁৰালসমূহ অৰ্থৰ অভাৱত জহিখহি গৈছে। বন্ধ হোৱাৰ উপক্ৰম হৈছে।

বহু ঠাইত বন্ধও হৈছে। কিন্তু চৰকাৰে নতুন ভৱন নিৰ্মাণত কোটি কোটি টকা ব্যয় কৰিবলৈ আগ্ৰহী হৈছে। এয়া কাৰ স্বাৰ্থত? পুথি ভঁৰাললৈ যোৱা দৈনিক কাকত, আলোচনীৰ বিল দিব পৰা নাই পুথিভঁৰাল সঞ্চালকালয়ে। তাৰ পাছতো এই উদ্যোগক কেনেকৈ ধৰি ল'ব পাৰি মুখ্যমন্ত্ৰী বা এই চৰকাৰৰ আন্তৰিকতাৰ ফল বুলি?

সকলোবোৰ ভাবি গুণি এতিয়া লাহে লাহে মানুহেই বিমোৰত পৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰিছে বুলি ধৰি লৈয়ো বিশ্বাস কৰিব পৰা নাই এয়া ভাল হৈ আছে নে বেয়া হৈ আছে?

'ভাল' নে 'বেয়া' বুলি কওঁ...
পশ্চিমবংগত ভোটগ্ৰহণৰ সমানে সমানে চলিছে গুলী, বাৰুদৰ আক্ৰমণ, প্ৰত্যাক্ৰমণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in