বৃহস্পতিবাৰে বিয়াত বহা ৰামে শুকুৰবাৰে ত্যাগ কৰিলে প্ৰাণঃ কি বুলি সান্তনা দিব নকইনাক, পৰিয়ালক...

বৃহস্পতিবাৰে বিয়াত বহা ৰামে শুকুৰবাৰে ত্যাগ কৰিলে প্ৰাণঃ কি বুলি সান্তনা দিব নকইনা, পৰিয়ালক...

author-image
Asomiya Pratidin
New Update
বৃহস্পতিবাৰে বিয়াত বহা ৰামে শুকুৰবাৰে ত্যাগ কৰিলে প্ৰাণঃ কি বুলি সান্তনা দিব নকইনাক, পৰিয়ালক...

বৃহস্পতিবাৰে বিয়াত বহা ৰামে শুকুৰবাৰে ত্যাগ কৰিলে প্ৰাণঃ কি বুলি সান্তনা দিব নকইনা, পৰিয়ালক...

ডিজিটেল ডেস্কঃ মৃত্যু নিশ্চিত। কিন্তু কেতিয়াবা কিছুমান মৃত্যুয়ে সকলোকে দুখ দিয়াই নহয়, শোক প্ৰকাশ কৰিবলৈও শব্দহীন কৰি তোলে। তেনে এক মৃত্যুৰ ঘটনাই সংঘটিত হ'ল বৰপেটা ৰোডত।

Advertisment

আগদিনা বিয়া পাতি পিছদিনা মৃত্যুৰ শিতল কোলাত শুই পৰিবলগীয়া হ'ল বৰপেটা ৰোডৰ এজন যুৱক। যি ঘটনাই এতিয়া সমগ্ৰ বৰপেটাতে চাঞ্চল্য সৃষ্টি কৰিছে। যোৱা বৃহস্পতিবাৰে বৰপেটা ৰোডৰ চড়কমাঠৰ যুৱক ৰাম মজুমদাৰে বিয়া কৰিছিল। তেওঁৰ কইনা আছিল চিৰাং জিলাৰ বিজনীৰ উলুবাৰীৰ বিষ্ণুপুৰৰ।

বিষ্ণুুপুৰত কইনাৰ ঘৰত বিবাহৰ মাংগলিক অনুষ্ঠান সামৰি শুকুৰবাৰে নিজ ঘৰলৈ উভতি আহিছিল দৰা ৰাম মজুমদাৰ। লগত লৈ আহিছিল কইনাকো। কিন্তু নিশা ভাত-খাই বিচনালৈ যোৱাৰ পিছতে উশাহ লোৱাত কষ্ট পায় ৰাম মজুমদাৰে।

লগে লগে পৰিয়ালৰ লোকে অসুস্থ ৰামক বৰপেটাৰোড এফ আৰ ইউ'লৈ লৈ যায় যদিও চিকিৎসকে ৰাম মজুমদাৰৰ ইতিমধ্যে মৃত্যু হোৱা বুলি প্ৰকাশ কৰে ৷ উল্লেখ্য যে, মৃত ৰাম মজুমদাৰৰ দেওবাৰে আছিল বিবাহৰ অভ্যৰ্থনাৰ দিন ৷

ৰাম মজুমদাৰৰ এনে মৃত্যুৰ পিছতে এতিয়া সমগ্ৰ বৰপেটাত শোকৰ ছাঁ পৰিছে। নকইনাক সান্তনা দিবলৈ, পৰিয়ালৰ লোকক বুজাবলৈ এতিয়া ওচৰ চুবুৰীয়াই বিচাৰি পোৱা নাই ভাষা। ঘৰখনত, গাওঁখনত এতিয়া কেৱল কান্দোনৰ ৰোল।

Also Read: কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিবেশনঃ স্মৃতিগ্ৰন্থ উন্মোচন...

ৰাম মজুমদাৰ দৰাৰ মৃত্যু