স্মাৰ্ট মিটাৰ আৰু অত্যাধিক বিদ্যুৎ বিলৰ বিৰোধিতাৰে চেঙাত কংগ্ৰেছৰ প্ৰতিবাদ

স্মাৰ্ট মিটাৰ আৰু অত্যাধিক বিদ্যুৎ বিলৰ বিৰোধিতাৰে চেঙাত কংগ্ৰেছৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
স্মাৰ্ট মিটাৰ আৰু অত্যাধিক বিদ্যুৎ বিলৰ বিৰোধিতাৰে চেঙাত কংগ্ৰেছৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,চেঙাঃ বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এতিয়া ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাইজৰ প্ৰতিবাদ অব্যাহত আছে।বৰপেটা জিলা কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে চেঙা সমষ্টিৰ চেঙা ব্লক কংগ্ৰেছ আৰু গোমা ব্লক কংগ্ৰেছৰ কমিটিৰ উদ্যোগত চেঙা বিদ্যুৎ বিভাগৰ সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Advertisment

হাতে হাতে প্লেকাৰ্ড আৰু সন্মুখত বেনাৰ লৈ কেইবা শতাধিক পুৰুষ মহিলাই ৰাজপথেৰে চেঙা বিদ্যুৎ বিভাগ সংমণ্ডল বিষয়া কার্যালয়লৈ প্ৰতিবাদ সাব্যস্ত কৰে।বিদ্যুৎ বিভাগ হায়, বিজেপি চৰকাৰ হায় হায়, স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰাজ বন্ধ কৰক,অসম চৰকাৰ হায় হায় আদি ধ্বনি দি সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদী ৰাইজে।

স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত পূৰ্বতকৈ ৪গুণ হাৰত বেছি বিদ্যুৎ বিল পৰিশোধ কৰিব লগা বুলি প্ৰতিবাদী ৰাইজে অভিযোগ উত্থাপন কৰে। অতিশীঘ্ৰে এই স্মাৰ্ট মিটাৰ সলনি কৰি পুৰণী মেনুৱেল মিটাৰ লগাই দিবলৈ চৰকাৰৰ লগতে বিদ্যুত বিভাগৰ ওচৰত প্ৰতিবাদী ৰাইজে দাবী জনায়।

Also Read: সৰবৰাহী মহিলাৰ মৃত্যুত আমোলাপট্টিত শোকৰ ছাঁ

smart meter CONGRESS CHENGA