সৰবৰাহী মহিলাৰ মৃত্যুত আমোলাপট্টিত শোকৰ ছাঁ

সৰবৰাহী মহিলাৰ মৃত্যুত আমোলাপট্টিত শোকৰ ছাঁ
Published on
Updated on

ডিজিটেল সংবাদ,শিৱসাগৰঃ মঙলবাৰে পুৱা ৫.৩০ বজাত শিৱসাগৰ আমোলাপট্টি ফনিধৰ চলিহা ৰোডৰ সৰবৰাহী মহিলা আশা বৰুৱাই দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত স্থানীয় চিকিৎসালয়ত ইহলীলা ত্যাগ কৰে৷ তেখেত শিৱসাগৰৰ বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত অৰবিন্দ বৰুৱাৰ পত্নী।

সামাজিক জীৱনত তেখেত সক্ৰিয় আছিল ৷ আশা বৰুৱাৰ নিপীড়িত মানুহৰ প্ৰতি বহুত মৰম আছিল আৰু বহুতকে প্ৰয়োজনৰ সময়ত সহায় কৰিছিল। আজি তেওঁৰ মৃত্যুত তেখেতৰ ঘৰলৈ আহি শিৱসাগৰ নাগৰিক সমাজৰ বহু সদস্যই শেষ শ্ৰদ্ধা জনায়।

শিৱসাগৰৰ বহুতো সামাজিক আৰু সাংস্কৃতিক সংগঠন যেনে শিৱসাগৰ নাগৰিক মঞ্চ, হিন্দু ধৰ্ম নামঘৰ পৰিচালনা সমিতি, শিৱসাগৰ পৌৰসভা নাগৰিক মঞ্চ, শিৱসাগৰ জ্যোতি সংঘ, অসম নাট্য সন্মিলন শিৱসাগৰ ৰংঘৰ শাখা, দৃষ্টিপত শিৱসাগৰ, শিৱসাগৰ হিন্দু ধৰ্ম সভা নামঘৰ মহিলা সমিতি, শিৱসাগৰ বিদ্যাপীঠ এম ই স্কুল আৰু আমোলাপট্টী এল পি স্কুলে শোক প্ৰকাশ কৰে। ৬৯ বছৰীয়া মহিলাগৰাকীয়ে মৃত্যুৰ সময়ত স্বামীৰ লগতে দুগৰাকী কন্যা আৰু এজন পুত্ৰক এৰি থৈ যায়।

সৰবৰাহী মহিলাৰ মৃত্যুত আমোলাপট্টিত শোকৰ ছাঁ
লখিমপুৰ জিলাৰ বিদ্যালয়ৰ সময়সূচী সলনি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in