বজালীৰ উৰণ সেতুৰ দুৰৱস্থা : যিকোনো মুহুৰ্ততে হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা

বজালীৰ উৰণ সেতুৰ দুৰৱস্থা : যিকোনো মুহুৰ্ততে হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা

author-image
Asomiya Pratidin
New Update
বজালীৰ উৰণ সেতুৰ দুৰৱস্থা : যিকোনো মুহুৰ্ততে হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা

ডিজিটেল সংবাদ, বজালীঃ বজালীৰ পাঠশালাত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা ৰেলৱে উৰণ সেতুত দেখা দিছে ভয়ংকৰ বিপদৰ আগজাননী। যিকোনো মূহুৰ্ততে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে উৰণ সেতুখন।

Advertisment

সম্প্ৰতি জহি খহি গৈছে উৰণ সেতু খনৰ বহু কেইটা অংশ। গোটেই পথটোতে সৃষ্টি হৈছে দ গাঁতৰ। উৰণ সেতুখনত ব্যৱহৃত ৰ'ডসমূহো বহু অংশত ভাঙি ওলাই পৰা দেখা গৈছে। যাৰ পৰিণতিত যিকোনো মূহুৰ্ততে সংঘটিত হ'ব পাৰে ভয়ংকৰ পথ দুৰ্ঘটনা।

তথাপিও উক্ত বিষয়ৰ প্ৰতি কোনো গুৰুত্ব আৰোপ কৰা নাই বজালী জিলা প্ৰশাসনৰ লগতে ৰাষ্ট্ৰীয় প্ৰাধিকৰণ বিভাগে। স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনৰ দাবী অনতি পলমে উৰণ সেতুখন পুন: নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰাৰ দাবী উত্থাপন কৰিছে। অন্যথা ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজে।

Also Read: চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বাবেই চৰকাৰী বিষয়াক ডিঙি কাটি হত্যা চালকৰ

bajali