প্ৰতিদিন গোষ্ঠীৰ কনক্লেভত ৰাহুল গান্ধীৰ মন্তব্যৰ পাছতে সুৰ সলনি AIUDF ৰঃ ক'লে আমি মিত্ৰতাৰ বাবে প্ৰস্তু নহয়...

প্ৰতিদিন গোষ্ঠীৰ কনক্লেভত ৰাহুল গান্ধীৰ মন্তব্যৰ পাছতে সুৰ সলনি AIUDF ৰঃ ক'লে আমি মিত্ৰতাৰ বাবে প্ৰস্তু নহয়...
প্ৰতিদিন গোষ্ঠীৰ কনক্লেভত ৰাহুল গান্ধীৰ মন্তব্যৰ পাছতে সুৰ সলনি AIUDF ৰঃ ক'লে আমি মিত্ৰতাৰ বাবে প্ৰস্তু নহয়...

ডিজিটেল ডেস্কঃ 'সাদিন প্ৰতিদিন গোষ্ঠী'য়ে দিল্লীত অনুষ্ঠিত কৰা 'দ্যা কনক্লেভ-২০২৩' ত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীয়ে এ আই ইউ ডি এফৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত প্ৰশ্নই উত্থাপন হ'ব নোৱাৰে বুলি কৈ স্পষ্টকৈ মিত্ৰতাৰ বিৰোধিতা কৰাৰ পাছত এতিয়া সুৰ সলনি হৈছে এ আই ইউ ডি এফৰ। কনক্লেভৰ দ্বিতীয় দিনটোৰ প্ৰথম অনুষ্ঠানত প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱাই কৰা এক প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে স্পষ্টকৈ এ আই ইউ ডি এফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা নহয় বুলি ঘোষণা কৰে।

দীৰ্ঘদিনে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই অৱশ্যে এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা নহয় বুলি কৈ আহিছিল যদিও ৰাষ্ট্ৰীয় পৰ্যায়ত গঠন হোৱা INDIA গোটৰ সৈতে এ আই ইউ ডি এফে চামিল হৈ মিত্ৰজোঁটৰ অংশীদাৰ হৈ অহাৰ চেষ্টা কৰিছিল। কিন্তু ৰাহুল গান্ধীৰ এই মন্তব্যৰ পাছতে এতিয়া এ আই ইউ ডি এফৰ খান্দহ খোৱা বালি তল পৰিছে।

ফলত এতিয়া কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ তেওঁলোকো প্ৰস্তুত নহয় বুলি কৈ সুৰ সলনি কৰিবলৈ বাধ্য হৈছে। উল্লেখ্য যে, দেওবাৰে দিল্লীত ৰাহুল গান্ধীয়ে মিত্ৰতা নহয় বুলি স্পষ্ট কৰাৰ পাছতে এ আই ইউ ডি এফৰ মুখপাত্ৰ তথা বিধায়ক আমিনু ইছলামে সংবাদ মাধ্যমৰ জৰিয়তে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ তেওঁলোক প্ৰস্তুত নহয় বুলি মন্তব্য কৰিছে।

তেওঁ কয়, কংগ্ৰেছৰ সৈতে এ আই ইউ ডি এফ মিত্ৰতাত নাই। কংগ্ৰেছ এক ‘গড্ডাৰ’ দল। নিৰ্বাচন শেষ হোৱাৰ পাছতে তেওঁলোকে মিত্ৰতা ভংগ কৰিছে। ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছে যি প্ৰতাৰণা কৰিলে সেয়া স্পষ্ট হৈ আছে।

ৰাষ্ট্ৰপতি নিৰ্বাচনত ২২ জন সদস্যই ভোটদান কৰিলে। কংগ্ৰেছৰ সদস্যক বাদ দি সকলো বিৰোধী একত্ৰিত হ’লেও ২২ টো ভোট হ’বই নোৱাৰে। কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ আমিও প্ৰস্তুত নহয়। আমাৰ ক’বলগীয়া হ’ল যদিহে বিজেপিক পৰাস্ত কৰিব লাগে তেন্তে সকলো বিৰোধী একত্ৰিত হ’ব লাগিব।

তেওঁ কয়, যিসময়ত কংগ্ৰেছ শাসনত আছিল তেতিয়া আমিও মিত্ৰতাত আছিলো। অসমত তেতিয়া আমি মুখ্য বিৰোধী আছিলো। সেই সময়ত ৩ জন এম পি জয় হৈছিল। INDIA মিত্ৰজোঁটত আমি নাই। তেওঁলোকে INDIA গোটত মুছলিম মুখ নিবিচাৰে।  সৰ্বভাৰতীয় পৰ্যায়ত তেওঁলোকে আছাদ্দুদিন ওৱেছি, বদৰুদ্দিন আজমলৰ দৰে নেতাৰ মুখ সন্মুখলৈ অহাতো নিবিচাৰে। তেওঁলোক কট্টৰ হিন্দুত্বদাবী হ’ব বিচাৰে। কিন্তু মুছলমানৰ ভোট তেওঁলোকক লাগে।

ইফালে অসমত কংগ্ৰেছৰ সৈতে ১২ টাকৈ ৰাজনৈতিক দল একত্ৰিত হোৱাৰ সন্দৰ্ভতো তেওঁ মন্তব্য কৰিছে। তেওঁৰ মতে কংগ্ৰেছে এই মিত্ৰদলসমূহকো প্ৰতাৰণা কৰিব। ১২ টাকৈ ৰাজনৈতিক দল একত্ৰিত হৈছে যদিও এজেপিৰ লুৰিণজ্যোতি গগৈয়ে অকলে অসম ঘূৰি আছে। অখিল গগৈয়ে যোৰহাটত নিৰ্বাচন খেলাৰ প্ৰস্তুতি চলাই আছে।

কাৰণ সকলোৱে বুজি পাইছে কংগ্ৰেছ 'গড্ডাৰ'।  সেই গড্ডাৰি লুৰিণজ্যোতি গগৈৰ লগতো কৰিব, অখিল গগৈৰ লগতো কৰিব। তেওঁলোকৰ লগত কেৱল থাকিব চি পি আই এম, অজিত ভূঞাৰ দৰে ব্যক্তি। যাৰ নিৰ্বাচনৰ সৈতে কোনো সম্পৰ্ক নাই। তেওঁ জীৱনত নিৰ্বাচন খেলিয়েই পোৱা নাই। পঞ্চায়ত নিৰ্বাচনৰ পৰা এম এল এ, এম পি নিৰ্বাচন একোৱেই নিৰ্বাচন খেলি নোপোৱা কোনো পাৰ্টিহে তেওঁলোকৰ সৈতে থাকিব পাৰে।

প্ৰতিদিন গোষ্ঠীৰ কনক্লেভত ৰাহুল গান্ধীৰ মন্তব্যৰ পাছতে সুৰ সলনি AIUDF ৰঃ ক'লে আমি মিত্ৰতাৰ বাবে প্ৰস্তু নহয়...
ইন্দ্ৰাণী তহবিলদাৰ কাণ্ডঃ চানমাৰি থানাত হাজিৰ নহ'ল জ্ঞানদ্বীপ মহন্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in