জাতীয়তাবাদী শিবিৰৰ অন্যতম পথ প্ৰদৰ্শক, আধুনিক হাউলীৰ নিৰ্মাতা পৰমানন্দ দাস আৰু নাই...
জাতীয়তাবাদী শিবিৰৰ অন্যতম পথ প্ৰদৰ্শক, আধুনিক হাউলীৰ নিৰ্মাতা পৰমানন্দ দাস আৰু নাই...

জাতীয়তাবাদী শিবিৰৰ অন্যতম পথ প্ৰদৰ্শক, আধুনিক হাউলীৰ নিৰ্মাতা পৰমানন্দ দাস আৰু নাই...

ডিজিটেল ডেস্কঃ অসম আন্দোলনৰ আগশাৰীৰ নেতা তথা অসমৰ মাটি, জাতীয় স্বাৰ্থৰ বাবে আজীৱন কাম কৰি জাতীয়তাবাদৰ পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰা পৰমানন্দ দাসৰ বৃহস্পতিবাৰে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ।

জাতীয আন্দোলনৰ বলিষ্ঠ নেতা তথা হাউলী সমাজ জীৱনৰ মহীৰূহ পৰমানন্দ দাসৰ বিয়োগত মৰ্মাহত হৈ পৰিছে জাতীয়তাবাদী শিবিৰ। তেওঁ আছিল আধুনিক হাউলীৰ ৰূপকাৰসকলৰ অন্যতম।

হাউলীৰ বি.এইচ কলেজ প্ৰতিষ্ঠা ধৰি অেঞ্চলটোৰ একাধিক শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গুৰিধৰোতা আছিল প্ৰয়াত দাস। হাউলীৰ ৰাস মহোৎসৱ, ৰঙালী বিহু সন্মিলন, মদনমোহন কীৰ্ত্তন ঘৰ, সাহিত্য সভা আৰু হাউলী উন্নয়ন পৰিষদ আদিৰো তেওঁ নেতৃত্ব বহন কৰিছিল।

৬ বছৰীয়া অসম আন্দোলনৰ সময়ত আন্দোলনৰ মূল নেতৃত্ব প্ৰদান কৰি হাউলী অঞ্চলত এই আন্দোলনক শক্তিশালী ৰূপত আগবঢ়াই নিছিল পৰমানন্দ দাসে। পৰৱৰ্তী সময়ত তেওঁ অসম গণ পৰিষদ দলত যোগদান কৰি ৰাজনীতিত প্ৰৱেশ কৰিছিল।

১৯৮৫ চনত তেওঁ হাউলী পৌৰ সভাৰ সভাপতি দায়িত্ব পালন কৰিছিল। এই দায়িত্ব প্ৰাপ্তিৰ পাছতে হাউলী পৌৰ এলেকাক এক নৱ ৰূপ প্ৰদান কৰিছিল। এইগৰাকী জাতীয়তাবাদী চিন্তাৰ অধিকাৰী ব্যক্তি বিভিন্ন সময়ত দুৰ্বৃত্তৰ দ্বাৰা আক্ৰমণৰো সন্মুখীন হৈছিল।

২০০১ চনৰ ২৯ এপ্ৰিলত অগপৰ বৰপেটাৰ প্ৰাক্তন সাংসদ কুমাৰ দাসৰ সৈতে এগ গ্ৰেণড আক্ৰমণৰো সন্মুখীন হৈছিল। এই আক্ৰমণৰ পাছতে তেওঁ শাৰীৰিকভাৱে যথেষ্ট দুৰ্বল হৈ পৰিছিল। তাৰ মাজেৰেই তেওঁ বিভিন্ন সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হৈ সমাজৰ বাবে কাম কৰি আহিছিল।

তেওঁৰ মৃত্যুৰ মন্ত্ৰী ৰঞ্জিত দাস, বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, বিধায়ক ফণধীৰ তালুকদাৰকে ধৰি জাতীয়তাবাদী শিবিৰৰ বহু নেতাই শোক প্ৰকাশ কৰিছে। তেওঁৰ মৃত্যু অসমৰ জাতীয়তাবাদী শিবিৰৰ বাবে এক অপূৰণীয় ক্ষতি বুলিও উল্লেখ কৰিছে।

জাতীয়তাবাদী শিবিৰৰ অন্যতম পথ প্ৰদৰ্শক, আধুনিক হাউলীৰ নিৰ্মাতা পৰমানন্দ দাস আৰু নাই...
নিৰ্বাচনী প্ৰচাৰত সাম্প্ৰদায়িক মন্তব্য কৰি বিপদত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in