/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/ed641e49-fbdb-4f83-886a-b81f95f6d366/jayanta_sir.jpg)
ডিজিটেল ডেস্কঃ ব্ৰেইল হেমকোষ'ৰ জৰিয়তে অসমীয়া ভাষাক বিশ্বজনীন কৰি তোলাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগোৱা "অসমীয়া প্ৰতিদিন"ৰ সম্পাদক তথা সাদিন প্রতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাক সত্ৰনগৰী বৰেপেটাত দেওবাৰে সম্বৰ্ধনা জনোৱা হয় । খিলঞ্জীয়া সুৰক্ষা বাহিনীৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰু বৰপেটা নগৰ সমিতিৰ তত্বাৱধানত প্ৰায় ৬০ ৰো অধিক দল সংগঠনৰ সামূহিক উদ্যোগত জনোৱা হয় এই সম্বৰ্ধনা । সত্ৰনগৰী বৰপেটাৰ আইন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a6206288-e1fe-49b0-8921-7f163478a947/fc5893aa_3135_42dd_97e1_5629bd592a9a.jpg)
সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক এই অনুষ্ঠানত অংশ ল'বৰ বাবে বৰপেটা আইন মহাবিদ্যালয়ত উপস্থিত হোৱাৰ লগে লগে তেখেতক কিশোৰসকলৰ দ্বাৰা পৰিৱেশিত গায়ন-বায়নেৰে আদৰণি জনোৱা হয় ।এটি আদৰণি গীতেৰে এই গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানৰ আৰম্ভণি কৰাৰ পাছতেই আদৰণি ভাষণ আগবঢ়াই বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/f2297365-ff1b-4f27-8c74-5b82f6929c8b/7ee06623_da99_4493_9ef9_d69d7733ab5b.jpg)
ইয়াৰ পাছতেই প্ৰায় ৬০ৰো অধিক দল সংগঠন আৰু বিভিন্নজনে সম্বৰ্ধনা আগবঢ়ায় স্বত্বধিকাৰগৰাকীক । খিলঞ্জীয়া সুৰক্ষা বাহিনী, অসমৰ বৰপেটা জিলা/বৰপেটা নগৰ সমিতি বৰপেটা আইন মহাবিদ্যালয়ৰ হৈ কিৰণ শংকৰ দাস, বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস, বৰপেটা জিলা ছাত্ৰ সন্থা, বৰপেটা আঞ্চলিক ছাত্ৰ সন্থা, নৱ সৃষ্টি সমাৰোহ সমিতি, প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলন, বৰপেটা জিলা, কাৰাটে সন্থা, বৰপেটা প্ৰেছ ক্লাব, বৰপেটা সাহিত্য সভা, বৰপেটা গ্ৰন্থ আৰু বিজ্ঞান মেলা সমিতি, ৰঙালী বিহু উদযাপন সমিতি, অসম সেনা, বৰপেটা জিলা, অসম উন্নতি সভা, বৰপেটা জিলা, ভাইপাৰ সাংস্কৃতিক গোষ্ঠী, অগ্ৰগামী ক্লাব, ৰাইজিং ক্লাব, ৰাইনো ক্লাব, বৰপেটা জিলা ক্ৰীড়া সন্থা, লেখিকা সমাৰোহ সমিতি, বৰপেটা ছোৱালী মহাবিদ্যালয়, লক্ষ্মীনাথ বেজবৰুৱা পুথি ভঁৰাল, মমেট গোকুল পাঠক স্মৃতিৰক্ষা সমিতি, বৰপেটা জিলা কৰ্মচাৰী পৰিষদ, সুন্দৰীদিয়া সত্ৰ পৰিচালনা সমিতি, ষ্টুডেণ্টচ লাইব্ৰেৰী, সুন্দৰীদিয়া পিনাক সাংস্কৃতিক গোষ্ঠী, ৰংচৰা, ক্ৰীড়া সংগঠক প্ৰদীপ কুমাৰ দাস, সোমনাথ তালুকদাৰ ফ্ৰেণ্ডচ ক্লাৱ, বৰপেটা পশুপালন কৰ্মী আৰু ক্ষেত্ৰ সহায়ক সন্থা, ডা: চৈয়দ আহমদ আলী সোঁৱৰণি সমিতি, টাউন এথলেটিক ক্লাৱ, ক্লাৱ ত্ৰিৰংগ, শিৱ শংকৰ ক্লাৱ, ৰংঘৰ বৰপেটা, অগপ বৰপেটা জিলা, অসম জাতীয় পৰিষদ বৰপেটা জিলা সমিতি, বিজেপি জিলা সমিতি, বৰপেটা পৌৰ সভা, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, খাদেমুল ইছলাম সমাজ, পোহৰ সাংস্কৃতিক গোষ্ঠী, মাংগলিক গোষ্ঠী আৰু ক্লাৱ জেনেৰেল, সাধাৰণ জাতি ঐক্য সন্মিলন, শৰীৰ চৰ্চা সন্থা, ইনভিকটাছ ক্লাৱ, সৰ্বভাৰতীয় অনুসূচিত জাতি/জনজাতি ৰেল কৰ্মচাৰী সংস্থা নিউ বঙাইগাঁও শাখাৰ সভাপতি দেৱৰাজ দাস, মিলিত যুৱক সংঘ, বৰনগৰ সমাজ, লাৱণ্য সুত্ৰধাৰ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰপেটা জিলা সমিতি, শ্বহীদ স্মৃতি সংঘ, একাডেমী অব খোল বাদ্য, বৰপেটা জিলা মহিলা মৰ্চাৰ সভানেত্ৰী জয়া দাস বৰুৱা, কুংফু স্কুল বৰপেটা, অনুপম অনিৰুদ্ধ তালুকদাৰ, নগাঁও ৰাস কমিটিয়ে সম্বৰ্ধনা জনায় সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদকগৰাকীক সম্বৰ্ধনা জনায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/e99d1440-f034-4532-9f4e-442845061a7b/d5d79cea_8c94_4a24_acc4_b8aaa8952a46.jpg)
ইয়াৰ পাছতেই অনুষ্ঠানটোত সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই ভাষণ প্ৰদান কৰে । ভাষণ প্ৰদান কৰি বৰুৱাই হেমকোষৰ ব্ৰেইল সংস্কৰণৰ ক্ষেত্ৰত আহৰণ কৰা অভিজ্ঞতা সম্পৰ্কে বৰ্ণনা কৰে । লগতে তেওঁ এই অনুষ্ঠানত উপস্থিত থাকি, "এই সম্বৰ্ধনা তেখেতৰ বাবে প্ৰেৰণা, শক্তিৰ উৎস বুলি মন্তব্য কৰে । লগতে তেওঁ এই প্ৰেৰণা আৰু শক্তিয়ে ভাষা সাহিত্যৰ ক্ষেত্ৰত কাম কৰি যাবলৈ তেখেতক অধিক শক্তি যোগাব বুলি মন্তব্য কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/3698163e-755f-4b87-bc7a-7da3d3039f8a/0c7c33df_228f_400e_bf0a_47a9ed825e70.jpg)
Also Read: "পৰিয়ালৰ এজন ব্যক্তিৰ কৰ্কট ৰোগ হ'লে সেই পৰিয়ালটোৰ প্ৰত্যেকেই কৰ্কট ৰোগীৰ দৰে হৈ পৰে"...