অসম গ্ৰন্থমেলা বাকৰিত তিনিখন ভিন্নৰসৰ গ্ৰন্থ উন্মোচন...

অসম গ্ৰন্থমেলা বাকৰিত তিনিখন ভিন্নৰসৰ গ্ৰন্থ উন্মোচন...

author-image
Asomiya Pratidin
New Update
অসম গ্ৰন্থমেলা বাকৰিত তিনিখন ভিন্নৰসৰ গ্ৰন্থ উন্মোচন...

অসম গ্ৰন্থমেলা বাকৰিত তিনিখন ভিন্নৰসৰ গ্ৰন্থ উন্মোচন...

ডিজিটেল সংবাদ গুৱাহাটীঃ গুৱাহাটীৰ চানমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ বাকৰিত থকা পাঞ্চজন্য বুকছ প্ৰকাশন গোষ্ঠীৰ বিপণীৰ সন্মুখত মঙ্গলবাৰে উন্মোচন কৰা হয় তিনিখন বিশেষ গ্ৰন্থ। এই তিনিওখন গ্ৰন্থৰ উন্মোচক হিচাপে উপস্থিত থাকে বিশিষ্ট ঔপন্যাসিক প্ৰভাত গোস্বামী, বিশিষ্ট কবি নীলিম কুমাৰ, বিশিষ্ট কবি ৰবীন্দ্ৰ বৰা আৰু বিশিষ্ট লেখক ইছমাইল হোছেইন।

Advertisment

অগ্ৰণী প্ৰকাশন গোষ্ঠী পাঞ্চজন্য বুকছে প্ৰকাশ কৰি উলিওৱা তৰুণ প্ৰজন্মৰ শক্তিশালী কবি বিপুল কুমাৰ দিহিঙীয়াৰ 'ত্ৰিকোণমিতিক পৃথিৱীত বুদ্ধ' কাব্য সংকলনখনি উন্মোচন কৰে বিশিষ্ট কবি নীলিম কুমাৰ আৰু ইছমালই হোছেইনে। সৃষ্টি প্ৰকাশে প্ৰকাশ কৰি উলিওৱা নাগালেণ্ডৰ বিশিষ্ট লেখিকা টেমচুলা আওৰ সাহিত্য একাডেমী বিজয়ী ইংৰাজী গ্ৰন্থৰ দিগন্ত গোহাঞিৰ অসমীয়া অনুবাদ 'সোণাৰু শিখৰ' উন্মোচন কৰে বিশিষ্ট ঔপন্যাসিক প্ৰভাত গোস্বামীয়ে।

সেইদৰে অৰূপজ্যোতি নাথৰ কিশোৰ-কিশোৰী উপযোগী জীৱনী গ্ৰন্থ 'বুদ্ধ' উন্মোচন কৰে বিশিষ্ট কবি ৰবীন্দ্ৰ বৰাই। কবি-সাংবাদিক বিপুল কুমাৰ দিহিঙীয়াই আঁতধৰা অনুষ্টুপীয়া সভাত ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Also Read: বঢ়মপুৰ ছহিদ স্মৃতি আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ অনুষ্ঠানৰ শুভাৰম্ভ...

অসম গ্ৰন্থমেলা গ্ৰন্থ উন্মোচন