গণিত শিক্ষক সুশীল কুমাৰ শৰ্মাৰ দেহাৱসান

গণিত শিক্ষক সুশীল কুমাৰ শৰ্মাৰ দেহাৱসান

ডিজিটেল সংবাদ,পাটাছাৰকুছি : পাটাছিৰকুছি নিবাসী তথা নিত্যানন্দ বিদ্যাভৱন হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক সমাজকৰ্মী সুশীল কুমাৰ শৰ্মাৰ শুকুৰবাৰে নিজবাসভৱনত দিনৰ প্ৰায় ১০-০০ বজাত পৰলোকপ্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল প্ৰায় ৮২বছৰ ৷

উল্লেখ্য যে প্ৰথমতে তেখেতে সহকাৰী শিক্ষক আৰু পিচলৈ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ এগৰাকী গণিতৰ শিক্ষক হিচাপে ছাত্ৰ-ছাত্ৰীৰ মন জয় কৰা শিক্ষক হিচাপে তেখেতৰ সুনাম আছিল ৷

পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয় প্ৰতিষ্ঠাৰ সময়ত তেখেতৰ যথেষ্ট অৰিহনা আছিল ৷ মহাবিদ্যালয়খনিৰ বাবে দৰকাৰ হোৱা ধন সংগ্ৰহৰ বাবে থিয়েটাৰ দল আমন্ত্ৰণ কৰাত কেবাবছৰৰো আগভাগ লৈছিল তেঁও ৷

মৃত্যুৰ সময়ত সুশীল কুমাৰ শৰ্মাই পত্নীৰ লগতে এগৰাকী জী-জোঁৱাই ,এগৰাকী পুত্ৰ বোৱাৰী, নাতি-নাতিনীৰ লগতে অনেক গুনমুগ্ধক ইহ সংসাৰত এৰি থৈ যায় ৷ তেখেতৰ মৃত্যুত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্নজনে শোক প্ৰকাশ কৰিছে ৷ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অধ্যক্ষ কৌশিক ডেকায়ো শোক প্ৰকাশ কৰিছে ৷

গণিত শিক্ষক সুশীল কুমাৰ শৰ্মাৰ দেহাৱসান
৯৪টা গ’ল আৰু এজন ভাৰতীয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in