৯৪টা গ’ল আৰু এজন ভাৰতীয়

৯৪টা গ’ল আৰু এজন ভাৰতীয়

ভাস্কৰ শৰ্মা

প্ৰৱেশ থাকিলে যে প্ৰস্থান থাকিবই। অন্ত পৰিল এটা বৰ্ণিল ইতিহাসৰ। তেঁও আৰু নেদেখুৱাই দুভৰিৰ যাদু। তেঁওক আৰু দেখা পোৱা নাযাব ভাৰতীয় জাৰ্ছীত। অশ্ৰু সেমেকা নয়নেৰে বিশ্ব ফুটবলক বিদায় দিলে এইজন কিংবদন্তিয়ে।

কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত কুৱেটৰ বিৰুদ্ধে তেঁও খেলিলে অন্তিমখন আন্তৰ্জাতিক মেচ। ভাৰতীয় জাৰ্ছী পৰিধান কৰি অন্তিমখন খেলত ভাগ লোৱা এইগৰাকী তাৰকাৰ বিদায় অৱশ্যে সুখকৰ নহ’ল।

সি যি কি নহওঁক, বিগত সময়ছোৱাত তেঁও ভাৰতৰ ফুটবলক্ষেত্ৰলৈ আবগঢ়োৱা বৰঙণি কোনেও যে পাহৰিব নোৱাৰিব সেই কথা ধূৰূপ।

৯৪টা গ’লৰে সম্প্ৰতি বিশ্বৰ সৰ্বাধিক গ’লদাতাৰ তালিকাত তেঁওৰ স্থান চতুৰ্থ। তালিকাৰ সিংহাসন অধিষ্ঠিত কৰি শীৰ্ষত আছে ক্ৰিষ্টিয়ানা ৰোণাল্ড’ই। বিশ্ব ফুটবলৰ অন্যতম দুটা চিনাকি নাম ৰোণাল্ড’ আৰু লাইঅ’নেল মেছিৰ পাছতে থকা এইগৰাকী ভাৰতীয় ফুটবলাৰ হৈছে সুনীল ছেত্ৰী

বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় খেল ফুটবল। ভাৰতক বিশ্বৰ ফুটবল মানচিত্ৰত অংকিত কৰাৰ ক্ষেত্ৰত অধিনায়ক সুনীল ছেত্ৰীৰ আছে অনবদ্য বৰঙণি।

সুনীল ছেত্ৰীয়ে জীৱনৰ ১৯টা বসন্ত দিছে ফুটবলক। ৩৯বছৰীয়া তাৰকা ফুটবলাৰগৰাকীৰ ২০০৫চনৰ ১২জুনত আন্তৰ্জাতিক ফুটবলত অভিষেক ঘটিছিল। পাকিস্তানৰ বিৰুদ্ধে অভিষেক ঘটোৱা সুনীল ছেত্ৰীয়ে উক্ত মেচতে প্ৰথমটো আন্তৰ্জাতিক গ’ল কৰিবলৈ সক্ষম হৈছিল।

তেঁওৰ নেতৃত্বতে ভাৰতীয় ফুটবল দলে সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছিল। আন্তৰ্জাতিক পৰ্যায়ত তেঁও খেলিছে ১৫১খন মেচ। তেঁওৰ নামত আছে ৯৪টা গ’ল।

ফুটবলাৰগৰাকীয়ে দেশৰ উপৰি বিভিন্ন ক্লাৱৰ হৈও খেলিছিল ফুটবল। চিটি ক্লাৱ দিল্লী, মোহন বাগান, ইষ্ট বেংগল, আই এছ এল আদি বিভিন্ন পেচাদাৰী প্ৰতিযোগিতাত তেঁও প্ৰতিভাৰ চানেকি দাঙি ধৰিবলৈ সক্ষম হৈছিল।

এইগৰাকী মহান ফুটবলাৰে ১৬মে’ ২০২৪ৰ দিনা ঘোষণা কৰিছিল অৱসৰৰ কথা। কৈছিল- 'বিদায় ফুটবল ! অহা ৬জুনৰ খেলখনেই হ’ব মোৰ অন্তিমখন আন্তৰ্জাতিক মেচ। কুৱেটৰ বিৰুদ্ধে কলকাতাত হ’ব এইখন মেচ।'

পূৰ্বৰ কথা ৰাখিয়েই ২০২৪ চনৰ ৬জুনৰ দিনা আনুষ্ঠানিকভাৱে ফুটবলক জনালে বিদায়। অশ্ৰুশিক্ত নয়নেৰে খেলপথাৰত নামিছিল সুনীল ছেত্ৰী। ছল্টলেকৰ সেউজ ঘাঁহনিত নিয়ৰৰ টোপাল হৈ সৰি পৰিছিল সুনীলৰ অশ্ৰুধাৰ।

কুৱেট আৰু ভাৰত উভয় দলৰ খেলুৱৈয়ে জনাইছিল গাৰ্ড অৱ অনাৰ। এই সন্মান হয়তো বহু খেলুৱৈয়ে নাপায় ! বহু খেলুৱৈৰ অনানুষ্ঠিকভাৱে অন্ত পৰে বৰ্ণিল কেৰিয়াৰৰ।

সতীৰ্থ তথা অনুৰাগীৰ মৰম দেখি অভিভূত হৈ পৰিছিল সুনীল ছেত্ৰী। ক’ব নোৱাৰা ভাষাৰেই বুজাইছিল তেঁওৰ অনুভৱ। হয়তো ষ্টেডিয়ামত থকা ৬০হাজাৰ দৰ্শকেও বুজি উঠিছিল- কি ক’ব বিচাৰিছে আদৰৰ খেলুৱৈগৰাকীয়ে।

অন্তিমখন মেচত প্ৰতিটো মুহূৰ্ততে সুনীলে দিছিল যুঁজ। কিন্তু দলক বিজয়ী কৰোৱাৰ স্বপ্ন পূৰণ নহ’ল তাৰকাগৰাকীৰ। গ’লশূন্যভাৱে সমাপ্তি ঘটিছিল মেচখনৰ আৰু লগে লগে অন্ত পৰিছিল এটি স্বৰ্ণিল অধ্যায়ৰ। বিশ্ব ফুটবলক অশ্ৰুশিক্ত নয়নেৰে বিদায় জনাইছিল সুনীল ছেত্ৰীয়ে।

এক আৱেগবিহ্বল কণ্ঠৰে তেঁও কৈছিল - ই এক আবেগিক সময়। মই মোৰ প্ৰশিক্ষকসকলৰ ওচৰত কৃতজ্ঞ। জীৱনৰ ১৯টা বসন্ত ফুটবলৰ নাম উৎসৰ্গা কৰি, ফুটবলক বিদায় জনোৱাটো এক কঠিন সিদ্ধান্ত।

বিগত ১৯বছৰত পোৱা অভিজ্ঞতাৰ কথা সুঁৱৰি আবেগিক হৈ পৰিছিল তাৰকাগৰাকী। তেঁও কৈছিল- খেলি থকা সময়ছোৱাত মই কেতিয়াও ব্যক্তিগতভাৱে ভবা নাছিলো যে মই দেশৰ হৈ খেলিছো। মই ভাল খেলিছো নে বেয়া সেয়াও নাজানো। এনেকৈ কৈ উঠিয়েই এটি শিশুৰ দৰে উচুপি উঠিছিল খেলুৱৈগৰাকী।

নিৰহংকাৰী, সৰল-নিৰ্জু এইগৰাকী সুনীল ছেত্ৰীৰ ভাৰতীয় ফুটবলৰ ক্ষেত্ৰত অৱদান অপৰিসীম। সুদীৰ্ঘ দুটা দশকজোৰা পৰিক্ৰমাত তেঁও ভাৰতীয় ফুটবললৈ আগবঢ়াইছে উল্লেখযোগ্য বৰঙণি। তেঁওৰ এই বৰঙণিৰ ওচৰত চিৰঋণী হৈ ৰ’ব ভাৰতীয় ফুটবল !

অৱশ্যে সুনীলৰ বিদায়ৰ পাছতে এটা কথা মন কৰিব লাগিব যে, এতিয়াও ভাৰতৰ চুকে-কোণে আছে অযুত সম্ভাৱনাময় ফুটবল খেলুৱৈ। বহু প্ৰতিভাৱান খেলুৱৈ সুবিধাৰ অভাৱত তথা আৰ্থিক দীনতাৰ বাবে ওলাই আহিব পৰা নাই। ক্ৰিকেটৰ দৰে ফুটবলকো গুৰুত্ব দিব লাগিব। ক্ৰিকেটৰ সমান্তৰালকৈ ফুটবল মেচসমূহো আয়োজন কৰাত গুৰুত্ব দিব লাগিব।

ভাৰতক বিশ্বৰ মঞ্চত চাব খুজিলে উত্তৰ-পূবকে ধৰি আন আন ৰাজ্যত সিঁচৰিত হৈ থকা যুৱ প্ৰতিভাবোৰ চিনি উলিয়াব লাগিব। তাৰ বাবে লাগিব সঠিক পৰিকাঠামো। লাগিব আন্তঃগাঁঠনি, সু-ব্যৱস্থা।

এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰসমূহে সঠিক পৰিকল্পনা কৰিব লাগিব। ফুটবলৰ বাবে গাঁৱে-চহৰে থকা খেলপথাৰসমূহত গুৰুত্ব আৰোপ কৰিব লাগিব। ক্ৰীড়া বিভাগৰ দ্বাৰা খেলুৱৈসকলক খেলৰ সামগ্ৰী তথা প্ৰয়োজনীয় আচ-বাব ইত্যাদি যোগান ধৰাত গুৰুত্ব দিব লাগিব।

তেহে ফুটবলে বিশ্বৰ লগত ফেৰ মাৰিব পাৰিব। নহ'লে ভাৰতীয় দলক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবল দল হিচাপে দেখা সপোন; সপোনেই হৈ ৰ'ব !

৯৪টা গ’ল আৰু এজন ভাৰতীয়
প্ৰধানমন্ত্ৰী হে মোডী! নীতিশ-চন্দ্ৰবাবুৰ হাততহে চাবিকাঠি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in