
ডিজিটেল সংবাদ, বৰপেটাঃ বৰপেটা সদৰ থানাৰ অন্তৰ্গত ডক্ৰেশ্বৰ গাঁৱত শুকুৰবাৰে এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ডক্ৰেশ্বৰৰ পৰা পালহাজীলৈ যোৱা পথৰ কাষত থকা পুখুৰী এটাৰ পাৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো ৷ মৃতদেহটো ভেল্লাৰ খণ্ডকাৰপাৰাৰ ই-ৰিক্সা চালক পুতুল আলী বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে , যোৱা নিশাৰ পৰা সন্ধানহীন হৈ আছিল ই-ৰিক্সা চালক ভেল্লাৰ খণ্ডকাৰপাৰা নিবাসী পুতুল আলী ৷
স্থানীয় সূত্ৰই জনোৱা মতে বৃহস্পতিবাৰে নিশাৰ ভাগত কেইজনমান যুৱকে পুতুলৰ ই-ৰিক্সাখনত কোনো অজ্ঞাত স্থানলৈ যাত্ৰা কৰে ৷ ইয়াৰ পিছৰ পৰাই সন্ধানহীন হৈ পৰিছিল পুতুল আলী ৷
আজি পুৱা ডক্ৰেশ্বৰ দেৱালয়ৰ পৰা কিছু আতৰত ডক্ৰেশ্বৰৰ পৰা পালহাজীলৈ যোৱা পথৰ কাষত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় পুতুল আলীৰ ই-ৰিক্সাখন ৷ আনহাতে পথৰ কাষত থকা পুখুৰী এটাৰ পাৰত তেজৰ চেকুৰা প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷
খবৰ লাভ কৰাৰ পিচতে বৰপেটা আৰক্ষীৰ থানাৰ আৰক্ষী দল এটা ঘটনা স্থলীত উপস্থিত হৈ অনুসন্ধান চলায় ৷ আৰক্ষীৰ অনুসন্ধানৰ সময়চোৱাতে পুখুৰীটোৰ পাৰত গাঁত খান্দি পুতি থোৱা অৱস্থাত পুতুল আলীৰ মৃতদেহ উদ্ধাৰ হয় ৷
কালি নিশাৰ ভাগত যাত্ৰা কৰা যুৱককেইজনেই পুতুল আলীক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পুতুলৰ পৰিয়ালৰ লোকে ৷ ডক্ৰেশ্বৰ দেৱালয়ৰ ওচৰত থকা পুখুৰীৰ পাৰত পুতুল আলীৰ মৃতদেহ পুতি থোৱাৰ সন্দেহ কৰে ৰাইজে ৷ এই ঘটনাই স্থানীয় অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷