নিৰ্বাচনী প্ৰচাৰৰ দৌৰত নামিছে বিপিএফ দলৰ প্ৰাৰ্থী সামেজ উদ্দিন

author-image
Asomiya Pratidin
New Update
নিৰ্বাচনী প্ৰচাৰৰ দৌৰত নামিছে বিপিএফ দলৰ প্ৰাৰ্থী সামেজ উদ্দিন

ডিজিটেল সংবাদ, সৰভোগঃ লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই আকৰ্ষণীয় হৈ পৰিছে বৰপেটা লোকসভা নিৰ্বাচনৰ ৰণকৌশল। তাৰে সমান্তৰালকৈ বিপিএফ দলৰ নিৰ্বাচনী প্ৰচাৰত তৎপৰতা বৃদ্ধি পাইছে।

Advertisment

দলীয় প্ৰাৰ্থিত্ব লাভৰ পিছতে বৰপেটা লোকসভা সমষ্টিৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী প্ৰচাৰৰ দৌৰত নামিছে বিপিএফ দলৰ প্ৰাৰ্থী সামেজ উদ্দিন। সোমবাৰে বৰপেটা লোকসভা সমষ্টিৰ অভয়াপুৰী, দেউকুৰা, খৰিচালা, ভৱানীপুৰ আদি বিভিন্ন প্ৰান্তত বিপিএফৰ প্ৰাৰ্থী সামেজ উদ্দিনে নিৰ্বাচনী প্ৰচাৰ চলায়। বৰপেটা লোকসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থীক এআইইউডিএফে পূৰ্ণাংগ বাবে সমৰ্থন আগবঢ়াইছে বুলি জানিব দিয়ে ।

Also Read: ঘনশ্যাম দাসৰ বিটিচিৰ কাৰ্যবাহী সদস্য পদ কৰ্তন কৰাক লৈ প্ৰতিক্ৰিয়া অবড়ো সুৰক্ষা সমিতিৰ

campaign election bpf