ঘনশ্যাম দাসৰ বিটিচিৰ কাৰ্যবাহী সদস্য পদ কৰ্তন কৰাক লৈ প্ৰতিক্ৰিয়া অবড়ো সুৰক্ষা সমিতিৰ

ঘনশ্যাম দাসৰ বিটিচিৰ কাৰ্যবাহী সদস্য পদ কৰ্তন কৰাক লৈ প্ৰতিক্ৰিয়া অবড়ো সুৰক্ষা সমিতিৰ

ডিজিটেল সংবাদ, বাক্সাঃ যোৱা ৬ এপ্ৰিলত ৰাজ্যপালৰ এক নির্দেশপত্রযোগে কৰ্তন কৰা হৈছিল বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ কাৰ্যবাহী সদস্য পদ। তাৰ পিছতে প্ৰতিক্ৰিয়া আৰম্ভ হৈছিল উক্ত বিষয়ত।

কাৰ্যবাহী সদস্য গৰাকীৰ পদ খাৰিজ কৰাক লৈ সোমবাৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অবড়ো সুৰক্ষা সমিতিয়ে । বিটিচিত বসবাস কৰা ২২ লক্ষাধিক অবড়ো লোকক প্ৰতাৰণা কৰা কাৰ্যৰ বিৰুদ্ধে সমাগত লোকসভা নিৰ্বাচনত প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ দিয়ে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক মাধৱ ৰাজবংশীয়ে ।

আজি বাক্সা জিলাৰ মুছলপুৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে, এই কাৰ্য এক চৰকাৰী ষড়যন্ত্ৰ । আমি ঘনশ্যাম দাসৰ লগত আছো । ইফালে ঘনশ্যাম দাসৰ কাৰ্যবাহী সদস্য পদ কৰ্তন কৰা হৈছে, আনফালে সাংসদ নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্ৰমাণপত্ৰ অনিশ্চয়তাত আছে । চৰকাৰে যদি এনে কাৰ্য কৰি থাকে তেন্তে আমি ক্ষান্ত নাথাকো । জিএছপি দলৰ সৈতে আমি কিছুমান চুক্তিৰ জৰিয়তে লগত আছো । বিটিচিৰ ২২ লক্ষ অবড়ো জনতাৰ পক্ষত আমি আছো ।

আনহাতে নৱ কুমাৰ শৰণীয়াই নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব নোৱাৰিলে আমি বিকল্প প্ৰাৰ্থী সাজু ৰাখিছো বুলিও মন্তব্য কৰে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক গৰাকীয়ে । ইফালে ইতিমধ্যে প্ৰাৰ্থীত্ব আগবঢ়োৱা জোন দাসে আগ্ৰহী হৈ ঐক্যমতত উপনীত হ'লে সকলোৱে মিলি আগবাঢ়িম বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মাধৱ ৰাজবংশীয়ে ।

ঘনশ্যাম দাসৰ বিটিচিৰ কাৰ্যবাহী সদস্য পদ কৰ্তন কৰাক লৈ প্ৰতিক্ৰিয়া অবড়ো সুৰক্ষা সমিতিৰ
এজন শিক্ষকৰ জঘন্য কাণ্ড! পত্নী পালেগৈ আৰক্ষীৰ কাষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in