সৰভোগৰ নিচুকা পঞ্চায়তত সাংস্কৃতিক মঞ্চ উদ্ধোধন

ৰাইজক মনোৰঞ্জন দিয়াৰ উদ্দেশ্য প্ৰচণ্ড ঠাণ্ডাৰ বতৰতো দেওবাৰে নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে।

author-image
Asomiya Pratidin
New Update
সৰভোগৰ নিচুকা পঞ্চায়তত সাংস্কৃতিক মঞ্চ উদ্ধোধন

ডিজিটেল সংবাদ, সৰভোগঃ বৰপেটা জিলা সৰভোগৰ নিচুকা পঞ্চায়তৰ সাহাপুৰ মেৰাজুল এম. ই. মাদ্ৰাছা খবিৰ উদ্দিন তালুকদাৰ খেলপথাৰত বিভিন্ন অনুষ্ঠান পতাৰ বাবে নিচুকা পঞ্চায়তৰ ফিফ্টি ফাইণ্সেনচৰ আচনিৰ অধীনত নতুনকৈ মঞ্চগৃহ উদ্ধোধন কৰে ।

Advertisment

সাংস্কৃতিক মঞ্চ উদ্ধোধনী অনুষ্ঠানত সভাপতিত্ব কৰে আলতাফ হুছেইন আৰু সভাত উপস্থিত থাকে নিচুকা পঞ্চায়তৰ প্ৰাক্তন সভাপতি আনোৱাৰ মণ্ডল, পঞ্চায়তৰ সদস্য-সদস্যা এন.জিওৰ এম.ডি আলী হুছেইন চিয়াৰম্যান আব্দুল্লাহ আহমেদ আবুল কালাম আজাদ ,সাংবাদিক ৰমিজ তালুকদাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক আৰু স্থানীয় মুৰব্বী।

ইপিনে নতুনকৈ মঞ্চ উদ্ধোধন কৰা মেৰাজুল এম.ই. মাদ্ৰাছা খবিৰ উদ্দিন তালুকদাৰ খেলপথাৰত আব্দুল মান্নান আৰু ছিৰাজুল হক মেমোৰিয়েল বেটেৰান টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতাৰ ফলাফলৰ পুৰস্কাৰ বিতৰণ কৰে। ৰাইজক মনোৰঞ্জন দিয়াৰ উদ্দেশ্য প্ৰচণ্ড ঠাণ্ডাৰ বতৰতো দেওবাৰে নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে।

Also Read: ভাৰত বিৰোধী স্থিতিঃ মে' মাহৰ ভিতৰত ভাৰতীয় সেনাই ত্য়াগ কৰিব লাগিব মালদ্বীপ

tennis ball cricket sorbhog