বহৰিত শনি মন্দিৰৰ শুভ উদ্বোধন

বহৰিত শনি মন্দিৰৰ শুভ উদ্বোধন

author-image
Asomiya Pratidin
New Update
বহৰিত শনি মন্দিৰৰ শুভ উদ্বোধন

ডিজিটেল সংবাদ,চেঙা : বৰপেটা জিলাৰ বহৰিত ১৯৮২চনত প্ৰতিষ্ঠা কৰা শ্ৰীশ্ৰী শনি মন্দিৰটি নতুনকৈ নিৰ্মাণ কৰি বুধবাৰে এক মাংগলিক পৰিৱেশৰ মাজেৰে শুভ উদ্বোধন কৰা হয়। এই উপলক্ষে মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত মহাযজ্ঞ অনুষ্ঠানৰো আয়োজন কৰা হয়।

Advertisment

আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত বহৰি অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে ভালেসংখ্যক ৰাইজ উপস্থিত থাকে। উল্লেখযোগ্য যে উক্ত মন্দিৰটি অঞ্চলটোৰ ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত নৱ নিৰ্মাণ কৰা হয়।

Also Read: তুৰুং গাঁৱৰ খেতিপথাৰত পোকৰ উপদ্ৰৱ

চেঙা বহৰি মন্দিৰ