/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-21/t1306lih/21654bee-3a19-4527-bcd2-b41b099d801f.jpg)
ডিজিটেল সংবাদ,উৰিয়ামঘাট : এসময়ৰ ধানৰ ভঁৰালখ্যাত ধনশিৰিৰ মহকুমাৰ শস্য পথাৰে সেউজ ৰূপ লোৱাৰ সময়তে মহকুমাটোৰ কিছুমান অঞ্চলৰ ধান খেতিত এক অচিনাকি পোকৰ উপদ্ৰৱ পৰিলক্ষিত হৈছে। যাৰ বাবে কৃষকসকল চিন্তিত হৈ পৰিছে।
জানিব পৰা মতে, মহকুমাটোৰ ৰজাপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১নং ৰজাপুখুৰী তুৰুং গাঁৱৰ কৃষি পথাৰত সজাল ধৰা ধানৰ সতেজ পোখা বিলাক এফালৰ পৰা এবিধ বিশেষ পোকে বহু পৰিমাণৰ ধানখেতি খোৱাৰ লগতে অনিষ্ট কৰিছে। ইয়াৰোপৰি চৌপাশৰ কৃষি ক্ষেত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-21/kt4aggc7/6c646a94-05dd-41e1-8555-497b9f00c709.jpg)
উক্ত সমস্যাক লৈ বৰ্তমান স্থানীয় কৃষকসকল অতি চিন্তিত হৈ পৰিছে। কৃষকসকলে বৰ্তমান অঞ্চলটোত দেখা দিয়া সমস্যাটোৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছে ৷
Also Read: পঞ্চায়ত নিৰ্বাচন : অগ্নি পৰীক্ষা হ’ব হিমন্ত বিশ্ব শৰ্মাৰ...