শ্ৰীশ্ৰী মইনবড়ী সত্ৰৰ বাবে নতুন সেৱাৰ সামগ্ৰী আগবঢ়ালে জি পি সিঙে

শ্ৰীশ্ৰী মইনবড়ী সত্ৰৰ বাবে নতুন সেৱাৰ সামগ্ৰী আগবঢ়ালে জি পি সিঙে

author-image
Asomiya Pratidin
New Update
শ্ৰীশ্ৰী মইনবড়ী সত্ৰৰ বাবে নতুন সেৱাৰ সামগ্ৰী আগবঢ়ালে জি পি সিঙে

ডিজিটেল সংবাদ, সৰভোগঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱৰ পৰম সুহৃদ শ্ৰীশ্ৰী নাৰায়ণ দাস ঠাকুৰ আতাই ১৪৭২ শকত প্ৰতিষ্ঠা কৰিছিল ঐতিহাসিক শ্ৰীশ্ৰী মইনবড়ী সত্ৰখন। বিভিন্ন ঘাত - প্ৰতিঘাত, দুৰ্যোগত বিধস্ত ঐতিহাসিক সত্ৰখন সৰভোগত প্ৰতিস্থা কৰা হয়।

Advertisment

অতি দুৰ্ভাগ্য জনক ভাৱে যোৱা ৭ চেপ্তেম্বৰৰ নিশা দূৰ্বৃত্তৰদলে সত্ৰৰ মূল্যবান সেৱাৰ সামগ্ৰী, ৰাধা-শ্ৰীকৃষ্ণৰ ৫০০ বছৰীয়া সোণৰ মূৰ্তি, সাঁচিপতীয়া পুথি, গুণমালা, গুৰুজনাৰ দিনত ব্যৱহৃত শৰাই, মন্দিৰা তাল, শংখ-ঘন্তা, হনুমানৰ মুৰ্তিৰ মুণ্ড চেদেলি ভেদেলি কৰাৰ উপৰিও বহু মূল্যবান সেৱাৰ সামগ্ৰী লুটপাত কৰি নিছিল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক জি পি সিং মহোদয়ৰ তৎপৰতাত বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক সন্মানীয় অমিতাভ সিনহাৰ নেতৃত্বত সৰভোগ, বৰপেটাৰোড, শিমলাগুৰী আৰু হাউলী আৰক্ষী বিষয়া, কৰ্মীৰ আশাশুধিয়া প্ৰচেষ্টাত মুল্যবান সেৱাৰ সামগ্ৰীখিনি ৮ ঘন্টাৰ ভিতৰত দুৰ্বৃত্তৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। 

আৰক্ষীৰ প্ৰচেষ্টাত শিমলাগুৰিৰ নিকতৱৰ্তী ধুপগুৰী গাওঁৰ কেৰামত আলী আৰু আমীৰ আলীৰ গৃহত সেৱাৰ সামগ্ৰীখিনি উদ্ধাৰ কৰে। অতি মুল্যবান সেৱাৰ সামগ্ৰীখিনিৰ প্ৰায় ১০% সম্পদ চোৰৰ দলটোৱে কাতিছিঙি বিনষ্ট কৰিছিল।

এই দুস্কাৰ্যত মৰ্মাহত হৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মাননীয় জি পি সিং মহোদয়ে মঙলবাৰে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ৰ জৰিয়তে বিনষ্ট হোৱা বহু কেইপদ সেৱাৰ সামগ্ৰী নতুনকৈ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ গনেশ চন্দ্ৰ অধিকাৰী প্ৰভুৰ হাতত অৰ্পন কৰে। সম্পুৰ্ণ আধ্যাত্মিক পৰম্পৰাৰে সেৱাৰ সামগ্ৰীখিনি গ্ৰহন কৰি আৰক্ষী সঞ্চালক মহোদয় আৰু বৰপেটা জিলাৰ আৰক্ষীক মহোদয়ক সত্ৰাধিকাৰ প্ৰভুৱে আন্তৰিক ভক্তিভৰা ধন্যবাদ জ্ঞাপন কৰে।

Also Read: প্ৰকৃতিপ্ৰেমী যুৱকে দুস্প্ৰাপ্য বৰকাছ মেলি দিলে আকাশী গংগাত

barpeta