/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/0b61dcf4-33c7-4917-a8cf-248dc53ef5dc/2.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি (National Service Scheme) গোটৰ অধীনস্থ ধিং মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি আৰু ইক' ক্লাৱৰ সৌজন্যত বুধবাৰে "বিশ্ব পৰিবেশ দিৱস ২০২৪" বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। কাৰ্য্যসূচী অনুসৰি পুৱা ৯ বজাত ধিং মহাবিদ্যালয়ৰ চৌহদত কৃষ্ণচূড়া আৰু ৰাধাচূড়া গছপুলি ৰোপণ কাৰ্যসূচী সম্পন্ন কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড০ স্নিগ্ধা মহন্তই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/1dca7f8d-301b-495f-9157-e7e6cd29a6ef/9956b171-7b0f-4b57-af5c-49466323504d.jpg)
পুৱা ১০ বজাৰ পৰা মহাবিদ্যালয়ৰ সভাগৃহত "ভূমি পুনৰুদ্ধাৰ, মৰুভূমি বন্ধ কৰা আৰু খৰাং স্থিতিস্থাপকতা গঢ়ি তোলা" বিশ্ব পৰিৱেশ দিৱস ২০২৪ ৰ বিষয়বস্তুৰ এখনি বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। বক্তৃতা প্ৰতিযোগিতাৰ পূৰ্বে "প্লাষ্টিক প্ৰদূষণ" বিষয়ৰ চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/c8fd8165-abb0-4aba-a2d2-acf6b5ceb2cf/cc0b5034-5104-4d24-be4a-71af109ec422.jpg)
পাছত অনুষ্ঠিত সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান হাজৰিকাই "গছ থাকিলে পানী থাকিব, পানী থাকিলেহে প্ৰাণী থাকিব। পানী, প্ৰাণী নাথাকিলে আমিও থাকিব নোৱাৰিম।" বুলি আদৰণি ভাষন প্ৰদান কৰে। মহাবিদ্যালয়ৰ এন এছ এছ (NSS) গোটৰ তত্বাৱধায়ক শিক্ষক ড০ মুকুট মনি শইকীয়াৰ পৰিকল্পনা তথা আঁত ধৰা অনুষ্ঠানটিত উপাধ্যক্ষা ড০ স্নিগ্ধা মহন্ত, অধ্যাপক ড০ সঞ্জীৱ কুমাৰ নাথ, ডম্বৰুধৰ কাকতিকে আদি কৰি কেইবাগৰাকীই ভাষণ প্ৰদান কৰে।
ধিং মহাবিদ্যালয়, ধিং খ্ৰীষ্ট জ্যোতি বিদ্যালয়, ধিং শংকৰদেৱ শিশু নিকেতন, ধিং কে বি উচ্চতৰ মাধ্যমিক, ধিং পাব্লিক স্কুল আদি বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত "বিশ্ব পৰিবেশ দিৱস"ৰ কাৰ্যসূচীত দুপৰীয়া ১২বজাৰ পৰা এনইএআইডি(NEAID) সহযোগত এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখন পৰিচালনা কৰে সাংবাদিক তথা "ষ্টেম" প্ৰশিক্ষক দিব্যজ্যোতি বৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3b33a188-055c-4294-afb2-7dbb3fe9a51e/51cd9906-f09e-4285-998f-7ca395e95da9.jpg)
শেষত কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ধিং খ্ৰীষ্ট জ্যোতি বিদ্যালয়, দ্বিতীয় স্থান লাভ কৰা ধিং শংকৰদেৱ শিশু নিকেতন, আৰু তৃতীয় স্থান লাভ কৰা ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে। লগতে চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা তৰুণ তালুকদাৰ, দ্বিতীয় স্থান লাভ কৰা হিমন্ত বিশ্ব দেৱনাথ, তৃতীয় স্থান লাভ কৰা দেৱাশ্ৰী দেৱনাথ আৰু বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা দুস্তিমা বৰা, দ্বিতীয় স্থান লাভ কৰা ছাৰাহ সুহানী, তৃতীয় স্থান লাভ কৰা বিদ্যুৎ বিকাশ কাকতিক কিতাপৰ টোপোলা, মানপত্ৰৰে পুৰস্কৃত কৰা হয়।
Also Read: ইন্দিৰা গান্ধী আদৰ্শ বিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস উদযাপন