শিক্ষানগৰী পাঠশালাত বিদ্যালয়ৰ হোৱাটছএপ গ্ৰুপতে অধ্যক্ষকক হত্যাৰ ভাবুকি...
শিক্ষানগৰী পাঠশালাত বিদ্যালয়ৰ হোৱাটছএপ গ্ৰুপতে অধ্যক্ষকক হত্যাৰ ভাবুকি...

শিক্ষানগৰী পাঠশালাত বিদ্যালয়ৰ হোৱাটছএপ গ্ৰুপতে অধ্যক্ষকক হত্যাৰ ভাবুকি...

ডিজিটেল সংবাদ পাঠশালাঃ এইবাৰ ৰাজ্যত শিক্ষানুষ্ঠানৰ অধ্যক্ষকক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান। শিক্ষানগৰী হিচাপে পৰিচিত পাঠশালাত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে পাঠশালাৰ ঐতিহ্যমণ্ডত বজালী উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ অধ্যক্ষগৰাকীক কোনো অসাধু লোকে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে। বিদ্যালয়খনৰ অধ্যক্ষ ৰঞ্জন চক্ৰৱৰ্তীক এই ভাবুকি প্ৰদান কৰিছে বিদ্যালয়খনৰে এটা হোৱাটছএপ গ্ৰুপৰ জৰিয়তে।

অধ্যক্ষ ৰঞ্জন চক্ৰৱৰ্তীয়ে জনোৱা অনুসৰি বিদ্যালয়খনৰ একাদশ-দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ এটা গ্ৰুপত ৮৪৭২৯৫৩৪৯০ নম্বৰৰ পৰা তেওঁক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে। উক্ত নম্বৰটোৰ পৰা হোৱাটছএপ গ্ৰুপটোক লিখিছে- ''অহা সপ্তাহত ৰঞ্জন চক্ৰৱৰ্তীৰ শেষ দিন। তোমালোকক কথা দিলো।'' এই সন্দৰ্ভত তেওঁ ইতিমধ্যে পাঠশালা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

এজাহাৰখনত তেওঁ আৰু লিখিছে, যোৱা ৩১ মাৰ্চত বামাখাটা কেন্দুগুৰি গাঁৱৰ এগৰাকী অভিভাৱকে তেওঁক এখন লিখিত অভিযোগেৰে জনায় যে, দ্বাদশ শ্ৰেণীত অধ্যয়নৰত তেওঁৰ কন্যাক ৮৪৭২৯৫৩৪৯০ মোবাইল নম্বৰৰ পৰা ফোন কৰি কোনো এক সংগঠনৰ নেতা বুলি নিজকে পৰিচয় দিছিল।

তেওঁ ছাত্ৰীগৰাকীক সুধিছিল, ছাত্ৰীগৰাকীয়ে কিবা আৱেদনত চহী কৰিছিল নেকি? অভিভাৱকগৰাকীয়ে ঘটনা সন্দৰ্ভত অধ্যক্ষগৰাকীক এইদৰে লিখিত অভিযোগ দাখিল কৰি তেওঁৰ কন্যাৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ আহ্বান জনায়। ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি অধ্যক্ষ ৰঞ্জন কুমাৰ চক্ৰৱৰ্তীয়েও বিষয়টো পৰিচালনা সমিতিলৈ প্ৰেৰণ কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ অনুৰোধ জনাইছে।

শিক্ষানগৰী পাঠশালাত বিদ্যালয়ৰ হোৱাটছএপ গ্ৰুপতে অধ্যক্ষকক হত্যাৰ ভাবুকি...
চিৰাঙৰ বিজনীৰ দংশিয়াপাৰাত চিলিণ্ডাৰ বিস্ফোৰণ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in