/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/3e55b755-a6b8-43e1-96ed-8d5b21d06f02/GOLAGHAT_15.jpg)
সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন সম্পন্ন...
ডিজিটেল সংবাদ উৰিয়ামঘাটঃ ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকক্ষৰ বাহিৰলৈ উলিয়াই আনি অসমৰ জনগোষ্ঠীসমূহৰ ভাষা-সংস্কৃতি, স্থাপত্য-ভাস্কৰ্য তথা ঐতিহ্যৰ সৈতে পৰিচয় কৰোৱাৰ উদ্দেশ্য আগত ৰাখিয়েই বিগত বৰ্ষসমূহৰ দৰে এই বছৰো সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগ এক ক্ষেত্ৰভিত্তিক কাৰ্যসূচী ৰূপায়ন কৰে। বিভাগৰ মুৰব্বী তথা বিশিষ্ট গৱেষক ড০ প্ৰণৱ ফুকনৰ তত্ত্বাৱধানত স্নাতকোত্তৰ মহলাৰ ছাত্ৰ-ছাত্ৰীসকলে "দৈয়াং-ধনশিৰি উপত্যকাৰ প্ৰত্নতাত্তিক সমল" শীৰ্ষক বিষয়ৰ অধ্যয়নৰ বাবে গোলাঘাট জিলাৰ বিষ্ণুপুৰ গাঁও আৰু কাছমাৰী পথাৰৰ শৈলস্তম্ভ পৰিদৰ্শন কৰে।
এই ক্ষেত্ৰভিত্তিক অধ্যয়নত বিষ্ণপুৰ গাঁৱৰ সিচঁৰতি হৈ পৰি থকা মধ্যযুগৰ কছাৰী শাসন কালৰ প্ৰস্তৰ মূৰ্তিৰ অৱহেলিত ৰূপ দেখি ছাত্ৰ-শিক্ষকৰ দলটি ব্যথিত হৈ পৰে। এই দিশত স্থানীয় ৰাইজৰ লগতে চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ পদক্ষেপ কামনা কৰে।
কাছমাৰী পথাৰতো (যাক ৰজাবাৰী নামেৰেও জনা যায়) ৰ'দে-বৰষুণে থিয় হৈ থকা শিলাস্তম্ভসমূহৰ বিজ্ঞানসন্মত সংৰক্ষণ হোৱাতো বিচাৰে। সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগে এই বিদ্যায়তনিক প্ৰয়াসৰ সকলোৱে ভূয়সী প্ৰশংসা কৰিছে আৰু ভৱিষ্যতেও এনে পদক্ষেপৰ পোষকতা কৰিছে।
Also Read: 'সাম্প্ৰদায়িক BJP-AIUDFৰ বিৰুদ্ধে যুদ্ধ হ'ব তয়াময়া'- প্ৰদ্যুৎ বৰদলৈ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us