ভাৰতীয় স্পীনাৰৰ কৰিস্মাত দিশহাৰা কেংগাৰুবাহিনীঃ নায়কলৈ পৰিণত ছাৰ জাদেজা...

ভাৰতীয় স্পীনাৰৰ কৰিস্মাত দিশহাৰা কেংগাৰুবাহিনীঃ নায়কলৈ পৰিণত ছাৰ জাদেজা...
ভাৰতীয় স্পীনাৰৰ কৰিস্মাত দিশহাৰা কেংগাৰুবাহিনীঃ নায়কলৈ পৰিণত ছাৰ জাদেজা...

ডিজিটেল ডেস্কঃ ভাৰতীয় বলাৰৰ সন্মুখত দিশহাৰা অষ্ট্ৰেলিয়া। প্ৰথম টেষ্টৰ প্ৰথম দিনটোতে সামৰিলে প্ৰথম ইনিংছ। ১৭৭ ৰাণত হেৰুৱালে আটাইকেইটা উইকেট।

দেশৰ মাটিত অনুষ্ঠিত হোৱা ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ নাগপুৰ টেষ্টত ভাৰতীয় বলাৰৰ আক্ৰমণাত্মক প্ৰদৰ্শনত স্তিমত হৈ পৰিল কেংগাৰু বাহিনীৰ বেটিং পৰাক্ৰম। কেংগাৰু বহিনীৰ এই দুৰৱস্থাৰ মূলতেই হ'ল আঘাতৰ সমস্যাৰ পৰা মুক্ত হৈ ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰা ছাৰ জাদেজা।

জাদেজাই প্ৰথম ইনিংছত লাভ কৰিলে ৫ টা উইকেট। জাদেজাৰ উপৰিও অভিজ্ঞ স্পীনাৰ ৰবিচন্দ্ৰন আশ্বিনেও দখল কৰিলে ৩ টা উইকেট। দুই পেচ বলাৰ মহম্মদ ছামী আৰু ছিৰাজে নিজৰ নামত কৰিলে এটাকৈ উইকেট।

ডেভিজ ৱাৰ্নাৰক ব'ল্ড কৰি পেভিলিয়নলৈ ঘূৰি যাবলৈ বাধ্য কৰা মহম্মদ ছামীৰ এয়া আছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ৪০০ সংখ্যক উইকেট। একেদৰে ৰবিচন্দ্ৰন আশ্বিনেও টেষ্টত সম্পূৰ্ণ কৰিলে ৪৫০ টা উইকেট। প্ৰথমে বেটিং কৰিবলৈ অহা কেংগাৰু বাহিনীয়ে ৬৩.৫ অভাৰতেই আটাইকেইটা উইকেট হেৰুৱাই দখল কৰিলে ১৭৭ ৰাণ।

ইয়াৰ পিছত ভাৰতীয় দলটোৱে বেটিং কৰিবলৈ আহে। বহুতেই ভাবিছিল নাগপুৰৰ পিটছত ভাৰতেও বেটিং বিপৰ্যয়ৰ স্মন্মুখীন হ'ব। কিন্তু সকলোৰে ধাৰণাক ভুল প্ৰমাণিত কৰি ভাৰতে শক্তিশালী আৰম্ভণি কৰিবলৈ সক্ষম হৈছে।

প্ৰথম দিনটোৰ অন্তত ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা ৫৬ ৰাণত আৰু ৰবিচন্দ্ৰন আশ্বিন ০ ত অপৰাজিত হৈ আছে। বৈবাহিক জীৱনৰ পাতনি মেলি দললৈ ঘূৰি অহা কে এল ৰাহুলে ২০ ৰাণৰ অৱদান আগবঢ়ায়।

দিনান্তত ভাৰতৰ হাতত ৯ উইকেট সুৰক্ষিত হৈ থকাৰ বিপৰীতে ১০০ ৰাণত পিছ পৰি আছে। ভাৰতীয় দলটোৰ আৰম্ভণিয়ে প্ৰথমখন টেষ্টত যে ভাৰতেই শক্তিশালী প্ৰমাণিত হ'ব সেয়া নিশ্চিত কৰিছে।

ইফালে প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ হৈ মানাৰ্ছ লাবুচাগেনে সৰ্বাধিক ৪৯ ৰাণ কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ ষ্টিভ স্মিথে ৩৭, এলেক্স কেৰীয়ে ৩৬ আৰু পিটাৰ হেণ্ডচকম্বে ৩১ ৰাণৰ বৰঙণি আগবঢ়ায়।

ভাৰতীয় স্পীনাৰৰ কৰিস্মাত দিশহাৰা কেংগাৰুবাহিনীঃ নায়কলৈ পৰিণত ছাৰ জাদেজা...
ৰোগীৰ পৰা ধন সংগ্ৰহৰ অভিযানত নামিছে GMCH ৰ কৰ্মচাৰীঃ দালালৰ সৈতে ৱাৰ্ডবয় গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in