/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-21/wwk6kw9p/barpeta-21.jpg)
বৰপেটা সত্ৰত শ্ৰী শ্ৰী মথুৰাদাস বুঢ়া আতাৰ কীৰ্তন মহোৎসৱ কৰভাৰ প্ৰদান...
ডিজিটেল সংবাদ বৰপেটাঃ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত সত্ৰীয়া ৰীতি নীতি আৰু পৰম্পৰাৰে আজি আদি সত্ৰাধিকাৰ শ্ৰী শ্ৰী মথুৰাদাস বুঢ়া আতাৰ ৩৮৪ সংখ্যক কীৰ্তন মহোৎসৱ পালন কৰা হয় ৷ এই উপলক্ষ্যে আজি পুৱা সত্ৰত নিত্য নৈমিত্তিক প্ৰসংগৰ লগতে গায়ন, বায়নে গুৰুঘাট বজাই ভোজন ব্যৱহাৰ অংক পৰিবেশন কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-21/6giqj6th/d7853c52-8bd9-4175-b7a9-42dd91881391.jpg)
পিছত দুপৰীয়া ঘোষা কীৰ্তন আৰু বিয়লি ব্যাহ কীৰ্তন পৰিবেশন কৰে ৷ইপিনে থুল নহাটীৰ ভক্ত সকলে শ্ৰী শ্ৰী মথুৰাদাস বুঢ়া আতাৰ কীৰ্তন মহোৎসৱ উপলক্ষে আজি আবেলি নহাটীত অৱস্থিত শ্ৰী শ্ৰী মথুৰাদাস বুঢ়া আতাৰ ভিঠিৰ পৰা গায়ন বায়ন, ব্যাহ কীৰ্তন, নাম কীৰ্তনীয়া আৰু বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠক,মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ প্ৰমুখ্যে ভকত বৈষ্ণৱসকলে শোভাযাত্ৰা কৰি বৰপেটা সত্ৰত কৰভাৰ প্ৰদান কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-21/gbwmx58l/d61ecb36-5433-4b7a-9079-5ec667fc003b.jpg)
পূৰ্বৰেপৰা চলি অহা প্ৰথা অনুসৰি সত্ৰ নগৰী বৰপেটাৰ প্ৰায় প্ৰত্যেক পৰিয়ালে কৰভাৰত প্ৰদান কৰা সামগ্ৰীসমূহ সত্ৰৰ দ্বাৰা নিয়োজিত বৰাৰ জৰিয়তে নিৰ্মালী স্বৰূপে লাভ কৰিব ৷ যোৱা ১৭ ছেপ্টেম্বৰত শ্ৰী শ্ৰী মথুৰা দাস বুঢ়া আতাৰ কীৰ্তন থাপনা কৰাৰ দিনৰে পৰা তাল ভংগ নোহোৱাকৈ চলি আহিছে আজিৰ মূল সবাহৰ দিনালৈকে নিবিড় কীৰ্তন৷
আজি নিশা বৰপেটা সত্ৰৰ সূত্ৰধাৰ বংশই ধেমালি বজোৱাৰ অন্তত শ্ৰী শ্ৰী মথুৰাদাস বুঢ়া আতাৰ কীৰ্তন মহোৎসৱৰ সামৰণি পৰে৷ ইপিনে শ্ৰী শ্ৰী মথুৰাদাস বুঢ়া আতা পুথিভঁড়ালৰ উদ্যোগত দুদিনীয়াকৈ আয়োজন কৰা কীৰ্তন মহোৎসৱৰ আজি নিশা সাংস্কৃতিক অনুষ্ঠানৰ লগতে নাট পৰিবেশন কৰা হয় ৷
Also Read: বুঢ়ীদিহিঙৰ সোঁতে উটুৱাই নিলে এজন শ্ৰমিকক...