বৰপেটাত আজৱ কাণ্ড! আধাতে অস্ত্রোপচাৰ সামৰি চিকিৎসকৰ পলায়ন

বৰপেটাত আজৱ কাণ্ড! আধাতে অস্ত্রোপচাৰ সামৰি চিকিৎসকৰ পলায়ন

author-image
Asomiya Pratidin
New Update
বৰপেটাত আজৱ কাণ্ড! আধাতে অস্ত্রোপচাৰ সামৰি চিকিৎসকৰ পলায়ন

ডিজিটেল ডেস্কঃ বৰপেটা ৰোডৰ বীনাপানি নাৰ্ছিং হোমত সংঘটিত হৈছে আজৱ কাণ্ড ৷ আধাতে অস্ত্ৰোপচাৰ সামৰি মহিলা ৰোগীক পেলাই থৈ চিকিৎসকৰ পলায়ন ৷ শনিবাৰে সংঘটিত হৈছে এই ঘটনা।

Advertisment

মহিলা ৰোগীগৰাকী বৰপেটা ৰোড চহৰৰ সাতভনী টুপৰ ৰৌছনাৰা আহমেদ ৷ আনহাতে চিকিৎসকগৰাকীৰ নাম ডাঃ আবুলেইছ মোস্তাক আহমেদ ৷

৬০ বছৰীয়া মহিলাগৰাকীক শনিবাৰে গলব্লাডাৰ অপাৰেছনৰ বাবে বীনাপানি নাৰ্ছিংহোমত ভৰ্তি কৰা হৈছিল ৷ লেপাৰ'স্কোপিক পদ্ধতিৰে কৰিবলগীয়া অপাৰেছনটোৰ বাবে ইতিমধ্যে দুটাকৈ ফুটাও কৰে মহিলাগৰাকীৰ শৰীৰত ৷

অভিযোগ অনুসৰি আধাতে অপাৰেছন সামৰি ৰোগীগৰাকীক বৰপেটালৈ ৰেফাৰ কৰি চিকিৎসকৰ পলায়নক লৈ নাৰ্ছিংহোমখনত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷

পৰিস্থিতি ক্ৰমাৎ উত্তেজনাপূৰ্ণ হোৱাৰ পিচতে নাৰ্ছিং হোমত উপস্থিত বৰপেটাৰোড আৰক্ষী ৷ ইপিনে ডাঃ আবুলেইছৰ পলায়নৰ পিচতে বৰপেটা ৰোড F R U ৰ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিভাগৰ চিকিৎসক তথা নাৰ্ছিং হোমখনত সেৱা আগবঢ়াই অহা ডাঃ অৰূপ কলিতা তাত গৈ উপস্থিত হয় যদিও ৰাইজৰ ক্ষোভ দেখি ঘটনাটো সম্পৰ্কে একো নাজানে বুলি কৈ আঁতৰি যায় ৷

বৰপেটা চহৰৰ বীনাপানি নাৰ্ছিংহোমত ৰোগীক লৈ বাৰম্বাৰ চলি থকা এনে ল'ৰা-ধেমালিক লৈ অসন্তুষ্ট হৈ পৰিছে বৰপেটাৰোডৰ স্থানীয় ৰাইজ ৷

ইপিনে নাৰ্ছিংহোমখনত আয়ুস্মান কাৰ্ডৰ জৰিয়তে অস্ত্ৰোপচাৰ কৰা হয় যদিও প্ৰতিটো অস্ত্ৰোপচাৰৰ বাবদ ৰোগীৰ পৰা ১০ /১৫ হাজাৰ টকা আদায় কৰা বুলি চিকিৎসকৰ বিৰুদ্ধে অভিযোগ তুলিছে ৰোগীৰ অভিভাৱকে ৷

Also Read: ২০০ কোটি টকা দাবী! মেইলৰ জৰিয়তে মুকেশ আম্বানীক হত্যাৰ ভাবুকি...

health