বৰনগৰত ছাত্ৰ নেতাক আক্ৰমণ কৰা বিজেপি নেত্ৰীক গ্ৰেপ্তাৰ

বৰনগৰত ছাত্ৰ নেতাক আক্ৰমণ কৰা বিজেপি নেত্ৰীক গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
বৰনগৰত ছাত্ৰ নেতাক আক্ৰমণ কৰা বিজেপি নেত্ৰীক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, সৰভোগঃ শনিবাৰে বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সোমাই ছাত্ৰ নেতাক প্ৰহাৰ কৰা সৰভোগ পৌৰসভাৰ উপ পৌৰপতি সম্পদ দাসৰ পত্নী অঞ্জলি দাসক গ্ৰেপ্তাৰ। সৰভোগ আৰক্ষীয়ে দেওবাৰে বিজেপি নেত্ৰী অঞ্জলি দাস আৰু তেওঁৰ পুত্ৰক গ্ৰেপ্তাৰ কৰে।

Advertisment

উল্লেখ্য যে, শনিবাৰে বিজেপি নেত্ৰীগৰাকীয়ে ছাত্ৰ নেতাজনক প্ৰহাৰ কৰাৰ পাছতেই সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। উক্ত ঘটনাক কেন্দ্ৰ কৰি বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাই দেওবাৰে সৰভোগ থানাৰ সম্মুখত বিজেপিৰ নেত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। নেত্ৰীগৰাকী আৰু তেওঁৰ পুত্ৰক গ্ৰেপ্তাৰ কৰি আৰক্ষী চকীলৈ অনাৰ পাছতেই থানাৰ সম্মুখত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়।

Also Read: ছয় মাইলৰ পূৰ্বাচা এপাৰ্টমেণ্টত উদ্ধাৰ যুৱতীৰ মৃতদেহ

aasu