/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/409ba0a6-6c8b-46b0-9cc7-7bfbf47b9c96/bojali_28.jpg)
মন্ত্ৰীৰে ফটো উঠি দুৰ্নীতি, কেলেংকাৰীৰ বজাৰ মেলিছে পঞ্চায়ত সভাপতিয়ে...
ডিজিটেল সংবাদ বজালীঃ কৈ থাকিলেও শেষ নহয় বজালীৰ নিত্যানন্দ পাণবাৰী গাওঁ পঞ্চায়ত সভাপতিৰ কথা। মন্ত্ৰীৰ তথা বিজেপিৰ শীৰ্ষ নেতাৰে থকা ঘনিষ্ঠতাৰ বাবেই দুৰ্নীতি, কেলেংকাৰীত নিমজ্জিত হ'বলৈ এবাৰো চিন্তা নকৰা এই পঞ্চায়ত সভাপতিৰ দুৰ্নীতিৰ দস্তাবেজ এটা এটাকৈ পোহৰলৈ আহিছে।
নিত্যানন্দ পাণবাৰী গাওঁ পঞ্চায়ত সভাপতি পৰাগ তালুকদাৰে গ্ৰহণ কৰিছে তিনি অৱতাৰ। পঞ্চায়ত সভাপতি হোৱাৰ উপৰিও চৰকাৰী আঁচনি ৰূপায়ণৰ নামত অহা ধনৰ প্ৰতি লোলুপ দৃষ্টি ৰাখি ঠিকাদাৰৰ ভূমিকা লোৱাৰ উপৰিও তেওঁ নিজৰ নামতেই ফাৰ্ম খুলি ভেণ্ডৰ একাউণ্ট খুলি আৰম্ভ কৰিছে লুণ্ঠন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/63dc7e19-8850-498f-91b3-cc1806374f1b/4767907d_9bde_4cef_b345_a4956182e7cf.jpg)
মাত্ৰ দুদিন পূৰ্বে এইগৰাকী দুৰ্নীতি পৰায়ণ পঞ্চায়ত সভাপতিয়ে কিদৰে পুৰণি দেৱালৰ কিছু অংশ ভাঙি তাৰ ওপৰতেই ইটাৰে দেৱাল নিৰ্মাণ কৰি কিদৰে অনিয়মেৰে লুণ্ঠন চলাইছিল সেই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলত বাতৰি প্ৰকাশ পাইছিল। ইয়াৰ পাছতে পৰাগ তালুকদাৰৰ সহযোগী অভিযন্তা কাফেদ হুছেইনক বদলি কৰিছে বিভাগে।
কিন্তু তাৰ পাছতে পোহৰলৈ আহিছে পৰাগ তালুকদাৰৰ আন এক কাণ্ড পোহৰলৈ আহিছে। পাণবাৰী পঞ্চায়তৰ সভাপতি হোৱাৰ ক্ষমতাৰেই তেওঁ মাত্ৰ আধা কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে নিৰ্বাচন কৰি তাতেই লাখ টকাৰ আঁচনি ধৰি পৰাগ তালুকদাৰে নিজেই ঠিকাদাৰৰ ভূমিকা গ্ৰহণ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/643b08e3-6720-478c-8b01-d91bc0682ea5/659a710e_1d1c_41fb_913a_9a4d0f8652dc.jpg)
ইয়াৰোপৰি নিজৰ নামতে ভেণ্ডৰ উলিয়াই লুটিছে লাখে লাখে টকা। শিঙাদাড়ী এন্টাৰপ্ৰাইজ নামৰ এখন ফাৰ্ম খুলি পৰাগ তালুকদাৰে ভেণ্ডৰ হৈ সকলো ধন নিজৰ একাউণ্ট লৈ দীৰ্ঘদিন ধৰি লুটিছে চৰকাৰী ধন।
এই আধা কিলোমিটাৰৰ পথৰ উপৰিও তেওঁ স্হানীয় বিদ্যালয়ৰ গৃহ নিৰ্মাণ, খেল পথাৰৰ মাটি পেলোৱা, মন্দিৰ চৌহদৰ মাটি পোতা, কৃষি বান্ধ দিয়া, বিবাহ ভৱন পতা আদি অলেখ চৰকাৰী আঁচনিৰ ৰূপায়ণৰ নামত নিজেই ঠিকাদাৰ আৰু ভেণ্ডৰৰ ৰূপত অৱতীৰ্ণ হৈ নিৰ্বিবাদে চলাই আছে দুৰ্নীতি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/b8cdd630-38b4-4ed9-849a-237f61622890/5e09dcca_b325_408d_936c_707ae9bb1458.jpg)
সংঘনে মন্ত্ৰীৰে ফটো উঠি সামাজিক মাধ্যমত আপলোড কৰি নিজকে অতি ঘনিষ্ঠ হিচাপে জাহিৰ কৰি তেওঁক কোনেও একো কৰিব নোৱাৰে জাতিয় এক ভাৱমূৰ্তি লৈ অনিয়ম, দুৰ্নীতিৰ পোহাৰ মেলা পৰাগ দাসৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষ্যণীয়।
Also Read: প্ৰচণ্ড কুঁৱলীয়ে দিছে বাধাঃ পলম হৈছে ২৫ খনৰো অধিক ৰে'ল...