/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/ebc4b1e2-f554-4be1-92dd-f0daa75d69f3/3.jpg)
ডিজিটেল সংবাদ,পাটাছাৰকুছিঃ দেওবাৰে বজালী কাৰাটে ডোৰ প্ৰশিক্ষাৰ্থীসকলৰ মাজত বেল্ট প্ৰদান অনুষ্ঠান সম্পন্ন কৰা হয় ৷ কলিবাৰীৰ প্ৰসিদ্ধ শিৱথান প্ৰাংগণত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠান ৷
শিক্ষানুষ্ঠানখনৰ প্ৰায় ৫০ গৰাকী প্ৰশিক্ষাৰ্থীৰ মাজত বিভিন্ন ৰেংকৰ বেল্টসমূহ প্ৰদান কৰা হয় ৷ এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট অধিবক্তা,পাঠশালা সাহিত্য সভাৰ আদৰণি সমিতিৰ প্ৰধান সম্পাদক গিৰীধৰ চৌধুৰী ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/47703a44-23f5-4866-8fa9-286774941d42/7ea93571_d8fb_4f7f_bbe1_bedcd1d72cc7.jpg)
অনুষ্ঠানত অতিথি হিচাপে আসন অলংকৃত কৰে- শিৱধাম পৰিচালনা সমিতিৰ সম্পাদক সুৰেশ পাঠক, জনপ্ৰিয় অভিনেতা ৰাজ কুমাৰ, সাংবাদিক বিশ্বজিত গাংগুলী,নৱকান্ত কলিতা, বিশ্বজিত দাস আদিয়ে ৷ অতিথিসকলক আদৰণি জনোৱাৰ পিচতে শিক্ষাৰ্থীসকলক উদ্দেশ্যি গিৰিধৰ চৌধুৰীয়ে সমৰকলাৰ জৰিয়তে শৰীৰ সুস্থ কৰি ৰখাৰ লগতে মন সুস্থ কৰি আগবাঢ়ি যাবলৈ অনুৰোধ জনায় ৷
অনুষ্ঠানত ৰাজকুমাৰ আৰু সুৰেশ পাঠকেও চমু উদগনিমূলক ভাষণ প্ৰদান কৰে ৷ অভিনেতা ৰাজকুমাৰে সমৰ কলা প্ৰদৰ্শন কৰাৰ লগতে শিক্ষাৰ্থীসকলেও সমৰ কলা প্ৰদৰ্শন কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d3612831-7923-4d30-bc2f-2ea59682e259/3802ce44_6450_4e4c_9d61_c8e625be63ae.jpg)
অনুষ্ঠানত সদ্যঘোষিত পৰীক্ষাত সফলতা লাভ কৰা দুগৰাকীমান প্ৰশিক্ষাৰ্থীকো সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানৰ আঁত ধৰে সম্পুৰ্ণ চৌধুৰীয়ে ৷ শলাগৰ শৰাই আগবঢ়াই বজালী কাৰটে ডোৰ মুখ্য পৰিচালক চেনচাই অৰ্ণৱজান শৰ্মাই ৷
Also Read: কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ সমিতি গঠন